গুৱাহাটী নহয় যেন অপৰাধীৰ নগৰীহে! নিচাযুক্ত দ্ৰব্য খুৱাই ধৰ্ষণ যুৱতীক

গুৱাহাটীৰ লজত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিচাযুক্ত দ্ৰব্য খুৱাই যুৱতীক বলাকৎকাৰ যুৱকৰ। ভুক্তভোগী যুৱতীৰ দিছপুৰ থানাত এজাহাৰ। ইনষ্টাগ্ৰামত চিনাকি হোৱা যুৱকে প্ৰথমে প্ৰেমৰ প্ৰস্তাৱ দিলে যুৱতীগৰাকীক। তাৰ পাছতেই বিয়া পাতিম বুলি প্ৰতিশ্ৰুতি দিলে। সেই কথা বিশ্বাস কৰি আৰম্ভ হল কথা-বতৰা। এটা সময়ত ফুৰিবলৈ যাওঁ বুলি কৈ যুৱতীগৰাকীক যুৱকজনে লৈ গ’ল গুৱাহাটীৰ এখন লজলৈ। লজৰ ভিতৰতে নিচাযুক্ত দ্ৰব্য খুৱাই দিলে যুৱতীক। তাৰ পাছতে ধৰ্ষণ কৰিলে। এই অভিযোগেৰে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে যুৱতীগৰাকী।

মহানগৰীত ধাৰাবাহিকভাবে ঘটিছে এনে ঘটনা। এসপ্তাহমান পূৰ্বেও সংঘটিত হৈছিল এনে ঘটনা। ডাউন টাউনৰ মিনাক্ষী লজত দুই যুৱকৰ ধৰ্ষণৰ বলি হৈছিল এগৰাকী ছাত্ৰী। প্ৰথমে পাৰ্টী তাৰ পাছত দুই যুৱকে ধৰ্ষণ কৰিছিল যুৱতীগৰাকীক। তাতো অনুৰূপ প্ৰক্ৰিয়া। প্ৰথমে নিচাযুক্ত দ্ৰব্য খুৱাই ধৰ্ষণ কৰা বুলি ছাত্ৰীয়ে এজাহাৰ দিছিল দিছপুৰ থানাত। অভিযুক্ত দুই যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এইবাৰ অভিযুক্ত প্ৰাঞ্জল ৰাজবংশী নামৰ যুৱক। এতিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান। যুৱতী-মহিলাসকল সাৱধান। সাৱধান অভিভাৱকসকলো। সহজে কাকো বিশ্বাস কৰি নোৱাৰা সময় এয়া। যিকোনো মুহূৰ্তত যিকোনো লোকে সলাব পাৰে ৰূপ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...