নিৰ্ধাৰিত সময়ত মথাউৰিৰ কাম সমাপ্ত কৰিবলৈ বিভাগীয় অভিযন্তা-ঠিকাদাৰক নিৰ্দেশ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

তামুলপুৰত পাগলাদিয়া আৰু শুক্লাই নদীৰ মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি তামুলপুৰ সমষ্টিৰ অন্তৰ্গত দুটা অঞ্চল ভ্ৰমণ কৰি পাগলাদিয়া আৰু শুক্লাই নদীৰ মথাউৰি মেৰামতিৰ কামৰ অগ্ৰগতিৰ বুজ লয় । প্ৰথমতে মন্ত্ৰীগৰাকীয়ে হাঁহকটা অঞ্চলত নিৰ্মীয়মান পাগলাদিয়া নদীৰ মথাউৰিৰ কামৰ অগ্ৰগতিৰ বুজ লয় । বিগত বাৰিষাত অঞ্চলটোত মথাউৰি চিগি কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰিছিল । বিভাগীয়ভাৱে প্ৰায় ১৬ কোটি টকা ব্যয়েৰে মথাউৰিৰ চিগা অংশ মেৰামতি কৰাৰ লগতে মথাউৰি ওখ আৰু শক্তিশালী কৰাৰ কাম চলি আছে । আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰক নিৰ্দেশনা প্ৰদান কৰে ।

পাছত মন্ত্ৰী হাজৰীকাই ভোলাঝাৰ অঞ্চলত উপস্থিত হৈ অঞ্চলটোত নিৰ্মীয়মান শুক্লাই নদীৰ মথাউৰিৰ কামৰ অগ্ৰগতিৰ বুজ লয় । অঞ্চলটোত বিগত বানত চিঙা মথাউৰি মেৰামতি আৰু ওখ কৰাৰ বাবে জলসম্পদ বিভাগৰ পৰা প্ৰায় ৪.৯ কোটি টকাৰ আঁচনি গ্ৰহণ কৰি কাম কৰি থকা হৈছে ।

মন্ত্ৰীগৰাকীৰ সৈতে আজিৰ পৰিদৰ্শনকালত তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ লগতে বিভাগীয় মুখ্য অভিযন্তা আৰু আন বিষয়াসকল উপস্থিত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...