বানমুক্ত গুৱাহাটীক লৈ জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত মিশ্যন বানমুক্ত গুৱাহাটী, মিশ্যন অম্ৰুট, স্বচ্ছ ভাৰত মিছন (নগৰীয়া), গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী শাখা তথা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ তেওঁলোকৰ দ্বাৰা ৰূপায়িত বিভিন্ন প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷

শেহতীয়াকৈ সাগৰীয় ঘূৰ্ণীবতাহ ‘ৰেমল’ৰ প্ৰভাৱত গুৱাহাটী মহানগৰীত হোৱা অস্বাভাৱিক বৰষুণ আৰু তাৰ ফলত হোৱা বানৰ বুজ লোৱাৰ লগতে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ কাৰ্যকৰী সমাধানৰ পথ প্ৰশস্ত কৰাৰ বাবে মিশ্যন বানমুক্ত গুৱাহাটীৰ অধীনত দীৰ্ঘম্যাদীভাৱে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ সন্দৰ্ভত আজিৰ বৈঠকত বিশেষভাৱে আলোচনা কৰা হয়৷ মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢল মহানগৰীৰ মাজেৰে সোমাই অহাটো চহৰখনৰ কৃত্ৰিম বানৰ অন্যতম প্ৰধান কাৰণ বুলি মন্তব্য কৰি এই পানী কেনেকৈ চহৰৰ ভিতৰত নোসোমোৱাকৈ বাহিৰে বাহিৰে ব্ৰহ্মপুত্ৰ বা দীপৰ বিললৈ বোৱাই নিয়া, গুৱাহাটীৰ নলা-নৰ্দমাসমূহ সম্পূৰ্ণৰূপে আৱৰ্জনামুক্ত কৰি পানীৰ প্ৰাকৃতিক সুঁতিসমূহ পৰিষ্কাৰ কৰি ৰখা, নলা-নৰ্দমাসমূহ গেদমুক্ত কৰাৰ স্বাৰ্থত অবৈধ ভূ-খনন আৰু অবৈধ নিৰ্মাণ বন্ধ কৰা তথা নৈ-জলাশয়ত হোৱা বেদখল প্ৰতিহত কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷ ইয়াৰ বাবে গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকলৰ লগতে বন বিভাগৰ সৈতেও সমন্বয় ৰক্ষাৰে কাম কৰিবলৈ তেওঁ গুৱাহাটী পৌৰ নিগম তথা মিশ্যন বানমুক্ত গুৱাহাটীৰ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে৷

আনহাতে আজিৰ আন এখন গুৰুত্বপূৰ্ণ বৈঠকত অম্ৰুট ২.০ৰ অধীনত ৰাজ্যৰ বিভিন্ন চহৰত হাতত লোৱা নগৰীয়া খোৱাপানী যোগান আঁচনিৰ কাম-কাজৰ শেহতীয়া স্থিতিৰ বুজ লোৱা হয়৷ এই মিছনৰ প্ৰথম পৰ্যায়ৰ অধীনত ২৩৮.৩৩ কোটি টকা ব্যয়েৰে হাতত লোৱা নগাঁও পানীযোগান আঁচনি, ১৯৩.৯৩ কোটি টকা ব্যয়সাপেক্ষ ডিব্ৰুগড় পানীযোগান আঁচনি আৰু ১৭৭.৪৭ কোটি টকা ব্যয়ৰ শিলচৰ পানীযোগান আঁচনিৰ পৰ্যালোচনা কৰাৰ লগতে অম্ৰুট ২.০ৰ অধীনত হাতত লোৱা বিহপুৰীয়া, যোৰহাট, উত্তৰ লখিমপুৰ, লক্ষীপুৰ (কাছাৰ), কোকৰাঝাৰ, তিনিচুকীয়া, বিলাসীপাৰা, শিলচৰ (দ্বিতীয় পৰ্যায়), ৰঙিয়া আদি পানীযোগান প্ৰকল্পৰো অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷

মন্ত্ৰী সিংহলে আজি আন এক সুকীয়া বৈঠকত স্বচ্চ ভাৰত মিছন (নগৰীয়া)ৰ অধীনত হাতত লোৱা গোটা আৱৰ্জনা ব্যৱস্থাপনা, ব্যৱহৃত জল ব্যৱস্থাপনা, ৰাজহুৱা শৌচাগাৰসমূহৰ উপযুক্ত তদাৰকী, পৌৰসভাসমূহৰ বাসিন্দাসকলৰ ঘৰৰ পৰা এশ শতাংশই জাৱৰ সংগ্ৰহ সুনিশ্চিতকৰণত গুৰুত্ব আৰোপ কৰে৷ মন্ত্ৰীগৰাকীয়ে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী শাখা তথা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ শীৰ্ষ বিষয়াসকলৰ লগতো আজি আন দুখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷

আজিৰ বৈঠকসমূহত জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, গুৱাহাটী পৌৰ নিমগৰ আয়ুক্ত মেঘনিধি দাহাল, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত সুমিত সত্তাৱনৰ লগতে লোক নিৰ্মাণ বিভাগ, জলসম্পদ বিভাগ, উত্তৰ-পূব সীমান্ত ৰে’ল, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, অম্ৰুট, স্বচ্ছ ভাৰত মিছন, নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয় আদি সংশ্লিষ্ট বিভাগসমূহৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...