সংবাদ, মনোৰঞ্জন আৰু জনসচেতনতাৰ ক্ষেত্ৰত আমাজন ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্বৰ চুক্তি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ

এই চুক্তিয়ে চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ প্ৰতিভাৰ বাবে সংগ্ৰামৰ সময়সীমা হ্ৰাস কৰিবঃ অনুৰাগ ঠাকুৰ

ভাৰত এখন বৈচিত্ৰ্যপূৰ্ণ দেশ, অ’টিটিসমূহে সামূহিক বিবেক আৰু সৃষ্টিশীল বৈচিত্ৰ্যক প্ৰতিফলিত কৰিব লাগিব বুলি কয় মন্ত্ৰীগৰাকীয়ে

ভাৰতীয় বিষয়বস্তুৱে এতিয়ালৈকে কল্পনাতীত দৰ্শকৰ মাজলৈ গৈছে, প্ৰচাৰ বিমুখ প্ৰতিভাই বিশ্বব্যাপী প্ৰসাৰ লাভ কৰিছেঃ বৰুণ ধাৱান

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে সংবাদ, মনোৰঞ্জন আৰু জনসচেতনতাৰ ক্ষেত্ৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু আমাজন ইণ্ডিয়াৰ মাজত অংশীদাৰিত্বৰ কথা ঘোষণা কৰে।

অংশীদাৰিত্বৰ শুভাৰম্ভণি অনুষ্ঠানত আগবঢ়োৱা ভাষণত মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে ভাৰত এক প্ৰাচীন সভ্যতা হোৱা স্বত্ত্বেও ইয়াৰ লাখ লাখ কাহিনী আছে, যিবোৰ এতিয়াও কোৱা হোৱা নাই। কাহিনীসমূহে সময়ক অতিক্ৰম কৰি আধ্যাত্মিকতাৰ পৰা ছফটৱেৰ, পৰম্পৰাৰ পৰা আৰম্ভ কৰি ট্ৰেণ্ড, লোককথাৰ পৰা উৎসৱলৈকে আৰু গ্ৰামীণ ভাৰতৰ পৰা সম্ভাৱনাপূৰ্ণ ভাৰতলৈকে এক বিশাল দিশ সামৰি লৈছে। তেওঁ লগতে কয় যে শেহতীয়াকৈ ভাৰতীয় বিষয়বস্তুৱে আন্তঃৰাষ্ট্ৰীয় মঞ্চত সফলতা লাভ কৰিছে আৰু ভাৰতীয় অভিনেতাসকলে বিদেশী দৰ্শকৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে।

ভাৰতত মনোৰঞ্জন উদ্যোগৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে গভীৰভাৱে আলোচনা কৰি কয় যে ভাৰতীয় মনোৰঞ্জন উদ্যোগৰ শক্তিশালী দিশসমূহৰ লগতে বিশেষভাৱে অ’টিটিৰ দৰে নতুন মঞ্চসমূহক চৰকাৰে স্বীকৃতি দিয়ে। মন্ত্ৰালয়ে দৃশ্য-শ্ৰাব্য সেৱাক চেম্পিয়ন ছাৰ্ভিচেছ ছেক্টৰ হিচাপে স্বীকৃতি দিছে আৰু শেহতীয়াকৈ অ’টিটি বিষয়বস্তু নিয়ামকৰ আত্মনিয়ন্ত্ৰণমূলক পৰিকাঠামো গঢ় দিছে।

আমাজনৰ সৈতে অংশীদাৰিত্বৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী ঠাকুৰে কয় যে আমাজন ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কেইবাটাও দিশত অনন্য আৰু নিযুক্তিপত্ৰখন সৃষ্টিশীল উদ্যোগৰ বিভিন্ন দিশত বিস্তৃত। এই অংশীদাৰিত্বই ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান আৰু ভাৰতীয় সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তি, ইণ্টাৰ্ণশ্বিপ, মাষ্টাৰক্লাছ আৰু অন্যান্য সুযোগৰ ব্যৱস্থাৰ জৰিয়তে উদ্যোগ-শৈক্ষিকতাৰ সংযোগ শক্তিশালী কৰাত সহায় কৰিব। এই পদক্ষেপে ভাৰতৰ প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ প্ৰতিভাৱান শিল্পীসকলৰ সংগ্ৰামৰ সময়সীমা হ্ৰাস কৰাত সহায় কৰিব বুলিও তেওঁ লগতে কয়।

মন্ত্ৰীগৰাকীয়ে অ’টিটি প্লেটফৰ্মত বিষয়বস্তুৰ মানদণ্ডৰ প্ৰতিও উদ্বেগ প্ৰকাশ কৰি কয় যে অ’টিটি প্লেটফৰ্মসমূহে যাতে তেওঁলোকৰ প্লেটফৰ্মসমূহে সৃষ্টিশীল প্ৰকাশ হিচাপে ছদ্মবেশত অশ্লীলতা আৰু অপব্যৱহাৰৰ প্ৰচাৰ নকৰে তাৰ প্ৰতি দায়বদ্ধ৷ অ’টিটিয়ে দেশৰ সামূহিক বিবেকক প্ৰতিফলিত কৰিব লাগিব বুলিও তেওঁ লগতে কয়।

অনুষ্ঠানত সন্মানীয় অতিথি অভিনেতা বৰুণ ধাৱানে ষ্ট্ৰীমিং সেৱাই লাভ কৰা গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয় যে ষ্ট্ৰীমিঙৰ জৰিয়তে ভাৰতীয় চিনেমাই এতিয়া বিশ্বৰ পৰ্যায়ত উপনীত হৈছে আৰু ষ্ট্ৰীমিং সেৱাই আজি ভাৰতীয় বিষয়বস্তুক কল্পনা কৰিব নোৱাৰাকৈ প্ৰসাৰিত কৰিছে। অভিনেতা ধাৱানে ষ্ট্ৰীমিং সেৱাই লেভেলাৰ হিচাপে কাম কৰা বুলি আলোকপাত কৰি কয় যে “এতিয়ালৈকে প্ৰচাৰ বিমুখ হৈ থকা নতুন অভিনেতা আৰু সৃষ্টিকৰ্তাসকলে এতিয়া বিশ্বজুৰি দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিছে৷”

সহযোগিতাৰ বিষয়ে উল্লেখ কৰি অভিনেতা ধাৱানে কয়, “আমাৰ উদ্যোগ আৰু প্ৰতিভাক প্ৰচাৰ আৰু সমৰ্থন কৰা এনে ধৰণৰ সহযোগিতাই মোক আশাৰে ভৰাই তোলে আৰু বিশ্ব মনোৰঞ্জনৰ মঞ্চত ভাৰতীয় হ’ব বিচৰা কথাটোক পুনৰ সংজ্ঞায়িত কৰাৰ দিশত আমাক সকলোকে কাম কৰাত সহায় কৰে”।

এই উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰাই কয় যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ আৰু আমাজনৰ অংশীদাৰিত্বই ভাৰতীয় প্ৰতিভাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুযোগৰ সৃষ্টি কৰিব।

এছিয়া পেচিফিক, এমাজন প্ৰাইম ভিডিঅ’ৰ উপ-সভাপতি গৌৰৱ গান্ধীয়ে কয়, “তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সৈতে আমাৰ সামগ্ৰিক সহযোগিতাই উদ্যোগটোৰ বিকাশক উদ্দীপিত কৰিবলৈ প্ৰতিটো জীৱন পৰ্যায় আৰু সংহতিৰ প্ৰতিটো কোণক চায় আৰু ই সৃষ্টি কৰিবলগীয়া পথসমূহৰ প্ৰতি আমি অতি আশাবাদী৷”

অনুষ্ঠানত আমাজন ইণ্ডিয়াৰ ৰাজহুৱা নীতিৰ উপ-সভাপতি চেতন কৃষ্ণস্বামী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব বিক্ৰম সাহায় আৰু মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...