আত্মসমর্পণকাৰী NDFB কেডাৰৰ পুনৰসংস্থাপনৰ বাবে ১৬০ কোটি টকা অনুমােদন

0 14

গুৱাহাটী, ৭ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিটিআৰ চুক্তি ৰূপায়ণৰ পর্যালােচনা কৰে। জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত ভৈয়াম জনজাতি কল্যাণ আৰু অন্যান্য পিছপৰা শ্রেণী কল্যাণ বিভাগ (কেৱল বিটিচি অঞ্চল)ৰ মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিআৰ প্রধান প্রমােদ বড়াে তথা বিটিআৰৰ আন কার্যবাহী সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত হােৱা এই বৈঠকত আত্মসমর্পণকাৰী ৪০৩৬ গৰাকী এনডিএফবি কেডাৰৰ বাবে ১৬০ কোটি টকা ব্যয়ৰে ৰূপায়ণ কৰিবলগীয়া পুনৰসংস্থাপনমূলক কার্যসূচীত অনুমােদন জনােৱা হয়। এই বৈঠকতে বিটিচি প্রশাসনক ৰাজ্যিক পঞ্চায়ত আৰু গ্রামােন্নয়ন প্রতিষ্ঠানৰ সৈতে যৌথ পৰিকল্পনা তথা অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন নাথৰ সহযােগিতাত আত্মসমর্পণকাৰী এনডিএফবি কেডাৰসকলৰ আর্থ-সামাজিক উৎকর্ষ সাধনৰ বাবে বিশেষ প্রশিক্ষণৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। উল্লেখ্য যে, এই কাৰ্যসূচীৰ অধীনত ৪০৩৬ গৰাকী এনডিএফবি কেডাৰক বৃত্তিগত উৎকর্ষতাৰ প্রশিক্ষণ প্রদান কৰা হ’ব। আজিৰ বৈঠকে ২০২০ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত হােৱা বিটিআৰ চুক্তিৰ জৰিয়তে বিটিআৰ পৰিষদৰ সৱলীকৰণৰ বাবে দ্রুত পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লয়। বৈঠকত লগতে বিটিআৰ চুক্তি ৰূপায়ণৰ জৰিয়তে বড়াে জাতিৰ সাংস্কৃতিক, ভাষিক আৰু শৈক্ষিক উত্তৰণৰ বিষয়সমূহ আলােচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই বডােফা উপেন্দ্রনাথ ব্ৰহ্মৰ আদৰ্শৰে বড়াে জাতিৰ আর্থ-সামাজিক সৱলীকৰণৰ ওপৰতাে গুৰুত্ব আৰােপ কৰে। বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই বডােফা উপেন্দ্রনাথ ব্ৰহ্মৰ নামেৰে স্থাপন কৰিবলগীয়া সাংস্কৃতিক চৌহদ তথা উৎকর্ষতা কেন্দ্র নির্মাণকার্য সােনকালে সম্পূর্ণ কৰাৰ নির্দেশ দিয়াৰ লগতে বড়াে জনগােষ্ঠীৰ স্বাভিমানৰ সৈতে ওতপ্রােতভাৱে জড়িত অন্যান্য উন্নয়নমূলক কাম-কাজসমূহ দ্রুতভাৱে সম্পূর্ণ কৰাৰাে নির্দেশ দিয়ে। আজিৰ বৈঠকতে ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ (বিটিচিৰ বাবে) বিভাগক পুনৰ নামাকৰণ কৰি বিটিচি পৰিক্ৰমা বিভাগ হিচাপে নামাকৰণ কৰি বড়াে জনগােষ্ঠীৰ সৰ্বাংগীন কল্যাণৰ বিষয়টো দ্রুততৰ কৰাৰ বাবেও সিদ্ধান্ত কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে লগতে বিটিআৰৰ জিলা কেইখনক আই জি পি, ডি আই জি, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক ইত্যাদি কার্যালয় তথা আৱাস নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূর্ণ কৰাৰ বাবেও নির্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.