কৃষিখণ্ডৰ সামগ্রিক দৃশ্যপট উজ্জীৱিতকৰণৰ বাবে এক বিশেষ মিছন গঠনৰ ৰূপৰেখা প্রস্তুত কৰিবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ

গুৱাহাটী, ৭ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কৃষিমন্ত্রী অতুল বৰাৰ উপস্থিতিত জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত আজি কৃষি বিভাগৰ কাম-কাজৰ সামগ্রিক পর্যালােচনা কৰে। বিভাগটোৰ অধীনত ৰূপায়িত কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনি, কেন্দ্রীয় পৃষ্ঠপােষকতাপ্রাপ্ত আঁচনি আৰু বিভাগৰ নিজা আঁচনিসমূহৰ কাম-কাজৰ বুজ লৈ ৰাজ্যৰ কৃষিখণ্ডৰ সামগ্রিক দৃশ্যপট উজ্জীৱিতকৰণৰ বাবে সৰ্বশিক্ষা মিছন বা ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ আৰ্হিত অতিশীঘ্ৰে এক বিশেষ মিছন গঠনৰ ৰূপৰেখা প্রস্তুত কৰিবলৈ বিভাগটোক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। তেওঁ কয় যে, ৰাজ্যৰ কৃষিখণ্ডত যথেষ্ট সম্ভাৱনীয়তা আছে আৰু বিভাগৰ সৈতে জড়িত সকলােৱে উজ্জীৱিতভাৱে কাম কৰিলে এই খণ্ডটোৰ দৃশ্যপট আগন্তুক পাঁচ বছৰৰ ভিতৰতে সলনি কৰিব পৰা যাব। আজিৰ পর্যালােচনা বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই বিভাগটোলৈ কেইবাটাও গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰে। তিনি বছৰতকৈ অধিক কাল অতিবাহিত কৰা সকলাে কৃষি উন্নয়ন বিষয়াকে অনতিপলমে বদলিকৰণৰ ব্যৱস্থাৰ লগতে অসমৰ ৩০০০খন গাঁও পঞ্চায়ত আৰু ভিচিডিচিত কৃষিজাত সামগ্রী উৎপাদনৰ এক সামগ্রিক জৰীপৰ অৰ্থে অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্র-ছাত্ৰীক নিয়ােজিতকৰণৰ পদক্ষেপ ল’বলৈ কৃষি বিভাগক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। এই জৰীপ কার্যত নিয়ােজিত হ’বলগীয়াসকলৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা এক প্রশিক্ষণ কার্যসূচীও হাতত ল’বলৈ তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে আজি ৰাজ্যৰ কৃষকসকলক গুণগত মানৰ বীজ যােগান সুনিশ্চিত কৰাৰ স্বাৰ্থত উন্নত বীজ উৎপাদনকাৰী ৰাজ্যৰ বীজ নিগমৰ পৰা পােনপটীয়াভাৱে বীজ ক্রয় পদক্ষেপ ল’বলৈ বিভাগটোক নির্দেশ দিয়ে। তেওঁ কয় যে ৰাজ্যৰ কৃষকে যাতে উন্নত বীজ লাভ কৰে সেয়া সুনিশ্চিত হ’ব লাগিব। তেনেদৰে, সাৰ যােগানত অনিয়ম কৰাসকলৰ বিৰুদ্ধে তৎকালে কঠোৰ পদক্ষেপ লােৱাৰ লগতে পিএম কিষাণ যােজনাৰ হিতাধিকাৰীৰ তালিকা অতি সােনকালে ত্রুটীমুক্তকৰণৰ বাবে সংশ্লিষ্ট উপায়ুক্তক সম্পূর্ণ কর্তৃত্ব প্রদান কৰিবলৈ বিভাগটোক মুখ্যমন্ত্ৰীয়ে নির্দেশ প্রদান কৰে। আনহাতে, কৃষি সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্ৰীয়ে কাজিনেমু, ৰঙালাউৰ দৰে চাহিদা থকা কৃষি সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰাৰ লগতে থলুৱা ৰপ্তানিকাৰীসকলক উদগণিৰ পদক্ষেপ ল’বলৈও বিভাগটোক নির্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...