কৃষিখণ্ডৰ সামগ্রিক দৃশ্যপট উজ্জীৱিতকৰণৰ বাবে এক বিশেষ মিছন গঠনৰ ৰূপৰেখা প্রস্তুত কৰিবলৈ মুখ্যমন্ত্ৰীৰ নির্দেশ

গুৱাহাটী, ৭ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কৃষিমন্ত্রী অতুল বৰাৰ উপস্থিতিত জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত আজি কৃষি বিভাগৰ কাম-কাজৰ সামগ্রিক পর্যালােচনা কৰে। বিভাগটোৰ অধীনত ৰূপায়িত কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনি, কেন্দ্রীয় পৃষ্ঠপােষকতাপ্রাপ্ত আঁচনি আৰু বিভাগৰ নিজা আঁচনিসমূহৰ কাম-কাজৰ বুজ লৈ ৰাজ্যৰ কৃষিখণ্ডৰ সামগ্রিক দৃশ্যপট উজ্জীৱিতকৰণৰ বাবে সৰ্বশিক্ষা মিছন বা ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ আৰ্হিত অতিশীঘ্ৰে এক বিশেষ মিছন গঠনৰ ৰূপৰেখা প্রস্তুত কৰিবলৈ বিভাগটোক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। তেওঁ কয় যে, ৰাজ্যৰ কৃষিখণ্ডত যথেষ্ট সম্ভাৱনীয়তা আছে আৰু বিভাগৰ সৈতে জড়িত সকলােৱে উজ্জীৱিতভাৱে কাম কৰিলে এই খণ্ডটোৰ দৃশ্যপট আগন্তুক পাঁচ বছৰৰ ভিতৰতে সলনি কৰিব পৰা যাব। আজিৰ পর্যালােচনা বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই বিভাগটোলৈ কেইবাটাও গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰে। তিনি বছৰতকৈ অধিক কাল অতিবাহিত কৰা সকলাে কৃষি উন্নয়ন বিষয়াকে অনতিপলমে বদলিকৰণৰ ব্যৱস্থাৰ লগতে অসমৰ ৩০০০খন গাঁও পঞ্চায়ত আৰু ভিচিডিচিত কৃষিজাত সামগ্রী উৎপাদনৰ এক সামগ্রিক জৰীপৰ অৰ্থে অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্র-ছাত্ৰীক নিয়ােজিতকৰণৰ পদক্ষেপ ল’বলৈ কৃষি বিভাগক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। এই জৰীপ কার্যত নিয়ােজিত হ’বলগীয়াসকলৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা এক প্রশিক্ষণ কার্যসূচীও হাতত ল’বলৈ তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে আজি ৰাজ্যৰ কৃষকসকলক গুণগত মানৰ বীজ যােগান সুনিশ্চিত কৰাৰ স্বাৰ্থত উন্নত বীজ উৎপাদনকাৰী ৰাজ্যৰ বীজ নিগমৰ পৰা পােনপটীয়াভাৱে বীজ ক্রয় পদক্ষেপ ল’বলৈ বিভাগটোক নির্দেশ দিয়ে। তেওঁ কয় যে ৰাজ্যৰ কৃষকে যাতে উন্নত বীজ লাভ কৰে সেয়া সুনিশ্চিত হ’ব লাগিব। তেনেদৰে, সাৰ যােগানত অনিয়ম কৰাসকলৰ বিৰুদ্ধে তৎকালে কঠোৰ পদক্ষেপ লােৱাৰ লগতে পিএম কিষাণ যােজনাৰ হিতাধিকাৰীৰ তালিকা অতি সােনকালে ত্রুটীমুক্তকৰণৰ বাবে সংশ্লিষ্ট উপায়ুক্তক সম্পূর্ণ কর্তৃত্ব প্রদান কৰিবলৈ বিভাগটোক মুখ্যমন্ত্ৰীয়ে নির্দেশ প্রদান কৰে। আনহাতে, কৃষি সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্ৰীয়ে কাজিনেমু, ৰঙালাউৰ দৰে চাহিদা থকা কৃষি সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰাৰ লগতে থলুৱা ৰপ্তানিকাৰীসকলক উদগণিৰ পদক্ষেপ ল’বলৈও বিভাগটোক নির্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...