নেপালৰ দুৰ্যোগত সাহায্যৰ বাবে ৫০জনীয়া দলসহ যাবলৈ সাজু মৌলানা বদৰুদ্দিন আজমল

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত সৃষ্টি হোৱা ভয়াৱহ দুৰ্যোগপূৰ্ণ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে এ আই ইউ ডি এফৰ (AIUDF) সভাপতি তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে। ভাৰত চৰকাৰে অনুমতি প্ৰদান কৰিলে ৫০জনীয়া স্বেচ্ছাসেৱকৰ এটা দলৰ সৈতে নেপাললৈ গৈ উদ্ধাৰ, সাহায্য আৰু মানৱীয় সেৱাত অংশগ্ৰহণ কৰিবলৈ তেওঁ সম্পূৰ্ণ সাজু বুলি প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আজমলে জনায় যে এই দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে সন্মুখীন হোৱা মৃত্যু, দুখ-কষ্ট আৰু অনিশ্চয়তাৰ বাতৰিয়ে তেওঁক গভীৰভাৱে ব্যথিত কৰিছে। তেওঁ কয়, “নেপাল আমাৰ চুবুৰীয়া, আমাৰ বন্ধু আৰু আমাৰ উমৈহতীয়া মানৱ পৰিয়ালৰ এক অংশ। এই শোকৰ সময়ত আমি সহানুভূতি আৰু সংহতিৰে একেলগে থিয় দিব লাগিব”।

ভাৰত চৰকাৰৰ অনুমতি লাভ কৰিলেই এই ৫০ জনীয়া স্বেচ্ছাসেৱকৰ দলটোৱে নেপালৰ য’তেই সাহায্যৰ প্ৰয়োজন হ’ব, তাতেই সেৱা আগবঢ়াব বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰিও দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক শক্তি প্ৰদানৰ লগতে জীৱন ৰক্ষাৰ বাবে অক্লান্তভাৱে কাম কৰি থকা উদ্ধাৰ আৰু সাহায্য কৰ্মীসকলৰ সুৰক্ষাৰ বাবে সর্বশক্তিমানৰ ওচৰত দোৱা-প্ৰাৰ্থনা জনায় এ আই ইউ ডি এফৰ সভাপতিগৰাকীয়ে। দলৰ সাধাৰণ সম্পাদক হাইদৰ হুছেইন বৰাৰ স্বাক্ষৰসহ এই প্ৰেছ বিবৃতিটো প্ৰকাশ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ সন্মুখত কঠিন কূটনৈতিক পৰীক্ষা; BRICS সন্মিলনৰ পৰা ভাৰতে কি লাভ কৰিব?

নতুন দিল্লীত আৰম্ভ হৈছে ১৮সংখ্যক BRICS সন্মিলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি...

সু/ৰা/ই কাল হ’ল নেকি ৫ যুৱকৰ জীৱন? ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দু/ৰ্ঘ/ট/না

শোণিতপুৰত ভয়ংকৰ পথ দু/ৰ্ঘ/ট/না, থিতাতে নি/হ/ত ৫ যুৱক। শোণিতপুৰৰ...

দিল্লীৰ ৰাজপথত পুটিনৰ ‘Aurus Senat’; কিয় বিশেষ পুটিনৰ এই বাহনখন?

নতুন দিল্লীত অনুষ্ঠিত BRICS সন্মিলনৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ...

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...