প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ দেশসমূহৰ সৈতে অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি ভাৰতৰ

ভাৰতে প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ দেশসমূহৰ সৈতে ইয়াৰ অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিছে। পেলোৰ (Palau) কৰোৰত অনুষ্ঠিত ৫৫ সংখ্যক ‘পেচিফিক আইলেণ্ডছ ফ’ৰাম লিডাৰ্ছ মিটিং’ৰ (Pacific Islands Forum Leaders’ Meeting) ডায়েলগ পাৰ্টনাৰ অধিৱেশনত ভাষণ দি বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই জলবায়ু সহনশীলতা, স্বাস্থ্যসেৱা, শিক্ষা, ডিজিটেল প্ৰযুক্তি আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত ভাৰতৰ সহযোগিতাৰ ওপৰত আলোকপাত কৰে। ভাৰতে “ব্লু পেচিফিক কন্টিনেন্ট”ৰ (Blue Pacific Continent) সৈতে ইয়াৰ সম্পৰ্কক সৰ্বোচ্চ গুৰুত্ব প্ৰদান কৰে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

মন্ত্ৰী মাৰ্ঘেৰিটাই কয় যে ভাৰতৰ ‘এক্ট ইষ্ট পলিচী’, দ্বি-পাক্ষিক সম্পৰ্ক, ‘ফ’ৰাম ফৰ ইণ্ডিয়া-পেচিফিক আইলেণ্ডছ কো-অপাৰেচন’ (FIPIC) আৰু ‘পেচিফিক আইলেণ্ডছ ফ’ৰাম’ (PIF)ৰ জৰিয়তে এই অঞ্চলৰ সৈতে সম্পৰ্ক অধিক গভীৰ হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ দেশসমূহক “বৃহৎ মহাসাগৰীয় ৰাষ্ট্ৰ” হিচাপে বৰ্ণনা কৰাৰ কথা সুঁৱৰি তেওঁ কয় যে ভাৰতে এই অঞ্চলক কোনো দূৰৱৰ্তী অঞ্চল হিচাপে নাচাই উমৈহতীয়া ইণ্ডো-পেচিফিকৰ এক অপৰিহাৰ্য অংশ হিচাপে গণ্য কৰে। ভাৰতৰ ইণ্ডো-পেচিফিক দৃষ্টিভংগী হৈছে আন্তৰ্জাতিক আইন, সাৰ্বভৌমত্ব, আঞ্চলিক অখণ্ডতা আৰু মুক্ত বাণিজ্যৰ প্ৰতি শ্ৰদ্ধা ৰাখি এখন মুক্ত, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী অঞ্চল গঢ়ি তোলা।

জলবায়ু পৰিৱৰ্তন আৰু সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ দৰে ডাঙৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ ভাৰতে ইন্টাৰনেচনেল ছ’লাৰ এলায়েন্স (ISA), কোৱালিচন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ (CDRI) আৰু গ্ল’বেল বায়’ফুৱেল এলায়েন্স (GBA) আদি বিশ্বজনীন উদ্যোগসমূহৰ জৰিয়তে অৰিহণা যোগাই আহিছে বুলি তেওঁ জনায়। একেদৰে প্ৰশান্ত মহাসাগৰীয় ১৪ খন দ্বীপৰ দেশতে ভাৰতে জনসাধাৰণৰ প্ৰয়োজনীয়তা অনুসৰি বিভিন্ন উন্নয়নমূলক আৰু ‘কুইক ইম্পেক্ট প্ৰজেক্ট’ সফলভাৱে ৰূপায়ণ কৰি আছে। ইয়াৰ উপৰিও কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ ব্যৱহাৰে শিক্ষা, স্বাস্থ্য, কৃষি আৰু ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত এই দেশসমূহৰ উন্নয়নত নতুন গতি প্ৰদান কৰিব পাৰে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সু/ৰা/ই কাল হ’ল নেকি ৫ যুৱকৰ জীৱন? ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দু/ৰ্ঘ/ট/না

শোণিতপুৰত ভয়ংকৰ পথ দু/ৰ্ঘ/ট/না, থিতাতে নি/হ/ত ৫ যুৱক। শোণিতপুৰৰ...

দিল্লীৰ ৰাজপথত পুটিনৰ ‘Aurus Senat’; কিয় বিশেষ পুটিনৰ এই বাহনখন?

নতুন দিল্লীত অনুষ্ঠিত BRICS সন্মিলনৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ...

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...

ACA ক্ৰিকেট একাডেমীত দেশৰ অন্যতম বৃহৎ ইনড’ৰ ক্ৰিকেট সুবিধা মুকলি

উত্তৰ গুৱাহাটীৰ ফুলুঙত থকা এচিএ ক্ৰিকেট একাডেমীত দেশৰ অন্যতম...