ৰাজ্যৰ ১৫খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অনুমোদন

কেইবাগৰাকীও বিধায়কৰ উপস্থিতিত নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ সৈতে মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ কেইবাগৰাকীও বিধায়কৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ ১৫ খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অনুমোদন জনোৱা হয়৷ এই চহৰসমূহ হৈছে তিনিচুকীয়া, চাবুৱা, ডুমডুমা, মাকুম, ডিগবৈ, ঢেকিয়াজুলি, নলবাৰী, টিহু, তিতাবৰ, টীয়ক, নাৰায়ণপুৰ, বিহপুৰীয়া, বৰপথাৰ, সৰুপথাৰ আৰু গোসাইগাঁও৷ বৈঠকত তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণ, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতিনিধি বিষয়াসকল উপস্থিত থাকে৷

বৈঠকত সৰ্বসন্মতিক্ৰমে হোৱা সিদ্ধান্ত অনুসৰি মন্ত্ৰী সিংহলে মাষ্টাৰপ্লেন প্ৰস্তুতিৰ দায়িত্বত থকা নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ বিষয়ববীয়াসকলক কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে৷ সেই অনুসৰি মাষ্টাৰপ্লেনৰ আওতাত পৰা চহৰসমূহৰ সকলো মুকলি স্থান, পথাৰ আদিক সম্পূৰ্ণৰূপে নিৰ্মাণকাৰ্য বহিৰ্ভূত এলেকা হিচাপে ঘোষণা কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ একেদৰে জলাশয়, আদ্ৰৰ্ভূমি, নদী আদিৰ পাৰৰ পৰা নগৰাঞ্চলৰ ক্ষেত্ৰত ১৫ মিটাৰ আৰু গ্ৰামাঞ্চলৰ ক্ষেত্ৰত ৫০ মিটাৰ পৰ্যন্ত এলেকাতো সকলোধৰণৰ নিৰ্মাণকাৰ্য নিষিদ্ধ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ সকলো চহৰৰ বজাৰ এলেকাত পথৰ কাষৰ খুচুৰা ব্যৱসায়ীৰ বাবে নিৰ্দিষ্ট স্থান ধাৰ্য কৰা, প্ৰতিখন চহৰৰ নলা-নৰ্দমা নিৰ্মাণৰ বাবে সুকীয়াকৈ ড্ৰেইনেজ মাষ্টাৰ প্লেন প্ৰস্তুত কৰি ইয়াক মূল মাষ্টাৰপ্লেনৰ অংগ হিচাপে গণ্য কৰা তথা যিকোনোধৰণৰ উন্নয়নমূলক কাম-কাজ হাতত লোৱাৰ ক্ষেত্ৰত সকলো চৰকাৰী বিভাগেই সংশ্লিষ্ট চহৰৰ অনুমোদিত মাষ্টাৰ প্লেন অনুসৰণ কৰাটো বাধ্যতামূলক কৰাৰ বাবেও মন্ত্ৰী সিংহলে আজিৰ বৈঠকত নিৰ্দেশ প্ৰদান কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...