ইণ্ডোনেছিয়াৰ কেণ্ডি ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড, নিহতৰ সংখ্যা ২৪লৈ বৃদ্ধি, সন্ধানহীন ২৯জন

ইণ্ডোনেছিয়াৰ এটা কেণ্ডি প্ৰস্তুতকাৰী কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত নিহতৰ সংখ্যা বৃদ্ধি পাই ২৪জনলৈ হৈছে। আনহাতে, সোমবাৰে পুৱালৈকে সন্ধানহীন হৈ আছে কমেও ২৯জন লোক।

শনিবাৰে নিশা ইণ্ডোনেছিয়াৰ বানটেন প্ৰদেশৰ চিকাণ্ডে অঞ্চলত অৱস্থিত কাৰখানাটোত এই অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, PT Fonusa Agung Mulia Confectionary নামৰ প্ৰতিষ্ঠানটোৰ এই কাৰখানাটো United Family Foods নামৰ সংস্থাৰ অধীনত পৰিচালিত হৈছিল। ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাৰ পৰা পথৰে প্ৰায় এঘণ্টাৰ দূৰত্বত অৱস্থিত কাৰখানাটোত শনিবাৰে সন্ধিয়া হঠাতে জুইৰ সূত্ৰপাত ঘটে।

খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। শনিবাৰে নিশালৈকে প্ৰাথমিকভাৱে তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

কিন্তু সোমবাৰেও কাৰখানাটোৰ ধ্বংসাৱশেষৰ মাজত উদ্ধাৰ অভিযান অব্যাহত থাকে। বৰ্তমানলৈকে জুইত জাহ যোৱা ধ্বংসাৱশেষৰ মাজৰ পৰা ২৪জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়াও বহু লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইফালে, ইণ্ডোনেছিয়াৰ প্ৰশাসনে ২৯জন লোক সন্ধানহীন হৈ থকা বুলি সদৰী কৰিছে। আনহাতে, অগ্নিকাণ্ডত আহত হোৱা ২৯জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

কাৰখানাটোৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) ষ্টিভেন আৰউইন উইজায়াই জানিবলৈ দিয়া মতে, অগ্নিকাণ্ডৰ সময়ত কাৰখানাটোৰ ভিতৰত প্ৰায় ৩০০গৰাকী কৰ্মচাৰী উপস্থিত আছিল। প্ৰাথমিক তদন্তত এয়াৰ কণ্ডিচনাৰ (AC)ৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে, ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষী আৰু উদ্ধাৰকাৰী বাহিনীয়ে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, যোৱা ডিচেম্বৰ মাহতো জাকাৰ্টাৰ এটা কাৰ্যালয় ভৱনত সংঘটিত অগ্নিকাণ্ডত ২২জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পূৰ্বে ২০২৩ চনত ইণ্ডোনেছিয়াৰ ছুলাৱেছী দ্বীপৰ এটা নিকেল উদ্যোগত হোৱা বিস্ফোৰণত ১৩জন লোকৰ মৃত্যু হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিসলেৰীৰ পানীত ‘বিপজ্জনক’ ৰাসায়নিক পদাৰ্থৰ উপস্থিতি; FSSAIৰ অভিযোগৰ পিছতে স্পষ্টীকৰণ বিসলেৰী ইণ্টাৰনেশ্যনেলৰ

বজাৰত বহুলভাৱে পৰিচিত বটলজাত খোৱাপানীৰ ব্ৰেণ্ড বিসলেৰী (Bisleri)ৰ পানীৰ...

অসম আৰক্ষীত সংযোজন হ’ব নতুন বিশেষ ইউনিট SRU

অসম আৰক্ষীৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে সংযোজন হ’ব নতুন বিশেষ...