ঢকুৱাখনাৰ আকাশ শুৱনি কৰিছে বিলুপ্তপ্ৰায় শগুনে

শগুনৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাক লৈ বিশ্বৰ পক্ষী বিশেষজ্ঞসকল উদ্বিগ্ন হৈ পৰাৰ সময়তে ঢকুৱাখনাৰ পৰা আহিছে আশাৰ খবৰ। ঢকুৱাখনাৰ কেইবাজোপা গছত শগুনৰ জাকে বাহৰ পাতি বংশ বিস্তাৰ কৰা ঘটনাই উৎফুল্লিত কৰিছে প্ৰকৃতিপ্ৰেমীক।

শগুনৰ আশ্ৰয়স্থললৈ পৰ্যৱসিত পশ্চিম ঢকুৱাখনাৰ কঢ়াঘাট অঞ্চল
৩জোপা গছত থকা ৪টা বাহত ৬০টাৰো অধিক শগুনৰ আশ্ৰয় গ্ৰহণ
তাত চিনাক্ত দুষ্প্ৰাপ্য বগাপিঠীয়া, লাহিঠুটীয়া সহ ৪টা প্ৰজাতিৰ শগুন
চিনাক্ত হৈছে হিমালয়ান শগুন, ভাৰতীয় শগুনৰ প্ৰজাতি

প্ৰকৃতিৰ জামাদাৰ ৰূপে খ্যাত শগুন বিশ্বত ক্ৰমাৎ বিলুপ্তিৰ পথত। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে শগুনে। শগুনে বিভিন্ন ঠাইত পৰি থকা মৃত জীৱ- জন্তু ভক্ষন কৰি প্ৰাকৃতিক সুস্থিৰতা প্ৰদান কৰাৰ লগতে মানৱ সমাজৰো উপকাৰ সাধন কৰি আহিছে। কিন্তু মানুহৰ অদূৰদৰ্শিতা বা অনান্য কাৰকৰ বাবে বিলুপ্তিৰ দিশলৈ গতি কৰিছে শগুনে। এক প্ৰকৃতি সংগঠনে চলোৱা সমীক্ষা অনুসৰি চলিত বৰ্ষত অসমত মৃত্যু হৈছে ৫৯টা শগুনৰ।

২৩ জানুৱাৰীত শিৱসাগৰ পাণবেচাৰ বৰবিলত ২৫টা শগুনৰ মৃত্যু
২২ ফেব্ৰুৱাৰীত মাজুলীৰ জেংৰাইমুখৰ বোকাবিল অঞ্চলত ৬টাৰ মৃত্যু
২৪ ফেব্ৰুৱাৰী ঢকুৱাখনাত মৃত্যু ৬টা শগুনৰ
একেদিনাই কামৰূপৰ ছয়গাঁৱৰ বামুণীগাঁৱত ২টা শগুনৰ মৃত্যু
১৪ মাৰ্চত ডিব্ৰুগড়ৰ জামিৰা পাত্ৰ গাঁৱত ২০টা শগুনৰ মৃত্যু


ইতিমধ্যে, পৃথিৱীৰ পৰা ৯৯ শতাংশ শগুন নোহোৱা হৈ যোৱাৰ সময়তে ঢকুৱাখনাৰ আকাশ শুৱনি কৰিছে বিলুপ্তপ্ৰায় শগুনে। শগুনৰ আশ্ৰয়স্থললৈ পৰ্যৱসিত পশ্চিম ঢকুৱাখনাৰ কঢ়াঘাট অঞ্চল।
৩ জোপা গছত থকা ৪টা বাঁহত ৬০টাৰো অধিক শগুনৰ আশ্ৰয় গ্ৰহণ। তাত চিনাক্ত দুষ্প্ৰাপ্য বগাপিঠীয়া, লাহিঠুটীয়া সহ ৪টা প্ৰজাতিৰ শগুন। চিনাক্ত হৈছে হিমালয়ান শগুন, ভাৰতীয় শগুনৰ প্ৰজাতি।

অঞ্চলটোৰ কেইবাজোপা গছত বছৰ বছৰ ধৰি বিলুপ্তপ্ৰায় শগুনে বাস কৰি অহাৰ লগতে বাঁহ সাজি দুৰ্লভ শগুনে বংশবৃদ্ধি কৰা পৰিলক্ষিত হৈছে। এই কথাই উৎফুল্লিত কৰিছে স্থানীয় প্ৰকৃতিপ্ৰেমীক। অঞ্চলটোত ইতিমধ্যে ৪টাকৈ শগুনৰ বাঁহ চিনাক্ত কৰিছে দীৰ্ঘদিনৰ পৰা শগুন সংৰক্ষনৰ সৈতে জঢ়িত কেইবাজনো প্ৰকৃতিপ্ৰেমী যুৱকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...