মনীষ ছিছোডিয়ালৈ পুনৰ চমন জাৰি CBIৰ

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়ালৈ পুনৰ CBIৰ চমন। দিল্লীৰ বিতৰ্কিত আবকাৰী নীতিৰ গোচৰত সোমবাৰে পুৱা ১১ বজাত CBIৰ কাৰ্যালয়ত হাজিৰ হ’‍বলৈ নিৰ্দেশ দিয়া হৈছে ছিছোডিয়াক। ইয়াৰ পূৰ্বে CBI আৰু EDয়ে মনীষ ছিছোডিয়াৰ ঘৰৰ লগতে বেংক লকাৰতো তালাচী চলাইছিল যদিও কোনো আপত্তিজনক সমল উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। কিন্তু ইয়াৰ পিছতো সোমবাৰে CBIয়ে চমন জাৰি কৰে ছিছোডিয়ালৈ। এইবাৰ আপৰ নেতাজনক গ্ৰেপ্তাৰ কৰা হ’ব নেকি তাকলৈও আৰম্ভ হৈছে চৰ্চা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...