ম্যানচেষ্টাৰ ইউনাইটেডৰ সৈতে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ দুবছৰীয়া চুক্তি স্বাক্ষৰ

ম্যানচেষ্টাৰ ইউনাইটেডে শুকুৰবাৰে দুবছৰীয়া চুক্তিত জুভেণ্টাছৰ পৰা পৰ্তুগালৰ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোক স্বাক্ষৰ কৰাৰ দৌৰত জয়লাভ কৰে। ক্লাবৰ এক বিবৃতিত কোৱা হৈছে, “ব্যক্তিগত চৰ্তাৱলী, ভিছা আৰু চিকিৎসাৰ সন্মতি সাপেক্ষে ক্লাৱটোৱে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ স্থানান্তৰৰ বাবে জুভেণ্টাছৰ সৈতে চুক্তিত উপনীত হৈছে বুলি নিশ্চিত কৰি ম্যানচেষ্টাৰ ইউনাইটেড আনন্দিত হৈছে।”

“পাঁচবাৰৰ বেলন ডি’অৰ বিজয়ী ক্ৰিষ্টিয়ানোৱে এতিয়ালৈকে তেওঁৰ কেৰিয়াৰত ৩০টাতকৈও অধিক মুখ্য ট্ৰফী জিকিছে, যাৰ ভিতৰত আছে পাঁচটা উৱেফা চেম্পিয়নছ লীগ খিতাপ, চাৰিটা ফিফা ক্লাৱ বিশ্বকাপ, ইংলেণ্ড, স্পেইন আৰু ইটালীত সাতটা লীগ খিতাপ আৰু তেওঁৰ জন্মস্থান পৰ্তুগালৰ বাবে ইউৰোপিয়ান চেম্পিয়নশ্বিপ। ম্যানচেষ্টাৰ ইউনাইটেডৰ হৈ তেওঁৰ প্ৰথম স্পেলত, তেওঁ ২৯২খন খেলত ১১৮টা গ’ল কৰিছিল।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...