২৫ ছেপ্টেম্বৰত ভাৰত বন্ধৰ আহ্বান প্ৰতিবাদী কৃষক সংগঠনৰ

তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদৰ নেতৃত্ব দিয়া সংযুক্ত কিষাণ মৰ্চাই শুকুৰবাৰে ঘোষণা কৰে যে প্ৰতিবাদকাৰী কিষাণসকলে ২৫ ছেপ্টেম্বৰত দেশব্যাপী ভাৰত বন্ধ পালন কৰিব। ২০২০ চনৰ নৱেম্বৰ মাহত আৰম্ভ হোৱা চলিত কৃষক আন্দোলনক শক্তিশালী আৰু সম্প্ৰসাৰিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনাইছে মৰ্চাই। সংযুক্ত কিষাণ মৰ্চাৰ সদস্য আশীষ মিত্তালে দিল্লীৰ সিংহু সীমান্তত এখন সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে যে “আমি ২৫ ছেপ্টেম্বৰত ‘ভাৰত বন্ধ’ৰ আহ্বান জনাইছো। আমাৰ আশা কৰ’না মহামাৰীৰ মাজত বিগত বৰ্ষৰ ২৫ ছেপ্টেম্বৰৰ বন্ধতকৈ এইবাৰৰ বন্ধটো অধিক জনমুখী হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...