ৰাজ্যপালক টুইটাৰত ব্লক কৰিলে মমতা বেনাৰ্জীয়ে

এক অভূতপূৰ্ব ঘটনাক্ৰমত খোদ পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকৰক নিজৰ টুইটাৰ একাউণ্টত ব্লক কৰি দিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এই সন্দৰ্ভত পিছত মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যপালগৰাকীৰ অনা নীতিগত আৰু অসংবিধানিক টুইটসমূহৰ বাবেই নিজৰ টুইটাৰ একাউণ্টত ৰাজ্যপালগৰাকীক ব্লক কৰিবলৈ বাধ্য হৈছে। বেনাৰ্জীয়ে লগতে কয় যে ৰাজ্যপাল ধনকৰে পশ্চিমবংগৰ ছুপাৰ গাৰ্ডৰ ভূমিকা পালন কৰিবলৈ চেষ্টা চলাইছিল আৰু চৰকাৰী বিষয়াসকলক নিজৰ লগুৱাৰ নিচিনাকৈ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। ধনকৰে সকলোকে CBI আৰু EDৰ ভয় দেখুৱায় বুলিও বেনাৰ্জীয়ে লগতে অভিযোগ কৰে। মমতা বেনাৰ্জীৰ এই পদক্ষেপৰ পিছত তৃণমূল কংগ্ৰেছৰ অন্যান্য নেতা–নেত্ৰীসকলেও ৰাজ্যপালক নিজৰ নিজৰ টুইটাৰ একাউণ্টত ব্লক কৰে। এনেদৰে টুইটাৰত ব্লক হোৱাৰ পিছত ৰাজ্যপাল ধনকৰে মমতা বেনাৰ্জীলৈ এটা হোৱাটছ এপ মেছেজ পঠিয়ায় আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ বিষয়ে সোঁৱৰাই দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...