‘ডেমেজ কণ্ট্ৰ’ল’ৰ বাবে তৎপৰ মালদ্বীপ চৰকাৰ

‘ডেমেজ কণ্ট্ৰ’ল’ৰ বাবে তৎপৰ মালদ্বীপ চৰকাৰ
ভাৰতলৈ আহি আছে ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু!
পৰ্যটকৰ বাবে লাক্ষাদ্বীপ মালদ্বীপৰ বিকল্প হৈ উঠাৰ সম্ভাৱনা
লাক্ষাদ্বীপত নিৰ্মাণ হ’ব টাটাৰ দুখন বিলাসী হোটেল

মালদ্বীপৰ তিনি মন্ত্ৰীয়ে ভাৰতবিৰোধী মন্তব্য কৰাৰ পিছত দ্বীপৰাষ্ট্ৰখনত এতিয়া জোকাৰণিৰ সৃষ্টি হৈছে। ভাৰতৰ প্ৰতি আনুগত্য ৰখা বিৰোধী দলৰ প্ৰতিবাদ আৰু অৰ্থনৈতিক কাৰণত ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুয়ে তিনি মন্ত্ৰীক অপসাৰণ কৰে। ইয়াতো পৰিস্থিতি ক্ষান্ত হোৱা নাই। মালদ্বীপ ভ্ৰমণৰ বাবে সাজু হোৱা হাজাৰ হাজাৰ ভাৰতীয় পৰ্যটকে বাতিল কৰিছে মালদ্বীপ ভ্ৰমণ। এনে পৰিস্থিতিয়ে মালদ্বীপ চৰকাৰক বেকফুটলৈ ঠেলি দিছে। এনে পৰিস্থিতিত ভাৰতলৈ অহাৰ মন ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু।

দুই দেশৰ সম্পৰ্কত ফাট মেলাৰ বাবেই এই ভ্ৰমণৰ প্ৰস্তাৱ

ৰাষ্ট্ৰপতি মইজ্জুৰ এই প্ৰস্তাবৰ প্ৰতি অৱশ্যে বৰ্তমানলৈ ভাৰতে কোনো সহাৰি দিয়া নাই। কিন্তু মইজ্জুৰ ভাৰত ভ্ৰমণ সম্ভব হ’লেও দুই দেশৰ মাজত ই কিমান প্ৰভাব পেলাব তাত সন্দেহ আছে। ইফালে মালদ্বীপৰ তিনি মন্ত্ৰীয়ে লাক্ষাদ্বীপ ভ্ৰমণক লৈ প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰাৰ লগে লগে তুংগত উঠিল দুই দেশৰ বিবাদ। পৰ্যটকৰ বাবে লাক্ষাদ্বীপক মালদ্বীপৰ বিকল্প হিচাপে গঢ়ি তোলাৰ যেন যুদ্ধ কালীল তৎপৰতা আৰম্ভ হৈ গ’ল। লাক্ষাদ্বীপৰ বিভিন্ন স্থানত ওললিল প্ৰধানমন্ত্ৰী মোদীৰ হৰ্ডিং।

মাত্ৰ ৩২ বৰ্গ কিলোমিটাৰ এলেকাৰ লাক্ষাদ্বীপৰ ৩৬ দ্বীপ প্ৰকৃতিৰ ৰম্যভূমি হিচাপে পৰিচিত। আৰব সাগৰৰ বুকুত বিদ্যমান লাক্ষাদ্বীপলৈ সহজ যোগাযোগৰ পথ বিমান, হেলিকপ্তাৰ। পৰ্যটনৰ বাবে এক আকৰ্ষণীয় কেন্দ্ৰ। মালদ্বীপৰে ভাৰতৰ সংঘাতে অধিক চৰ্চালৈ আনিছে লাক্ষাদ্বীপক। যোৱা কেইটামান দিনত ইণ্টাৰনেটত ৩০০ গুণ বৃদ্ধি পাইছে চাৰ্চ।

লাক্ষাদ্বীপত নিৰ্মাণ হ’ব টাটা দুখন বিলাসী হোটেল

বৰ্তমান লাক্ষাদ্বীপৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ উজৰা মছজিদ, কাভাৰাট্টি একুৰিয়াম আদি। কিছুদিনৰ ভিতৰত লাক্ষাদ্বীপ অধিক আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...