ৰাজ্যত ব্যাপক প্ৰশাসনিক ৰদ-বদল, পদোন্নতি। কাক, ক’ত দায়িত্ব?

ৰাজ্যত ব্যাপক প্ৰশাসনিক ৰদ-বদল, পদোন্নতি। পৰ্বতঝৰাৰ SDO (চিভিল) সতীশ চন্দ্ৰ ঠাকুৰীয়াক পদোন্নতিসহ বদলি কৰা হৈছে। ঠাকুৰীয়াক চাহ জনজাতি কল্যাণৰ যুটীয়া সঞ্চালক নিযুক্তি দিয়া হৈছে।কৰিমগঞ্জৰ SDO (সদৰ) জিতু কুমাৰ বৰ্মন ADC নিযুক্ত কৰা হৈছে। ACS বিষয়া দীপ্তি মৰাঙক ছিনিয়ৰ গ্ৰেড-২ পদোন্নতি কৰা হৈছে। দীপ্তি মৰাং অসম আন্তঃগাঁথনি বিত্ত প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালক।যোৰহাটৰ SDO (সদৰ) দিনচেংফা বৰুৱাক ছিনিয়ৰ গ্ৰেড-২ পদোন্নতি কৰা হৈছে। ধনশিৰি মহকুমাৰ ভাৰপ্ৰাপ্ত ADCৰূপে নিযুক্ত দিনচেংফা বৰুৱা। চৰাইদেউৰ SDO (সদৰ) মিতালী লহকৰক ছিনিয়ৰ গ্ৰেড-২ পদোন্নতি কৰা হৈছে। লহকৰক প্ৰশাসনিক সংস্কাৰ-প্ৰশিক্ষণ, পেঞ্চনৰ উপ সচিবৰূপে বদলি কৰা হৈছে। আনহাতে, মিতালী লহকৰক ৰাজ্যিক তথ্য আয়োগৰ পঞ্জীয়কৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। জলসিঞ্চনৰ ভূমি অধিগ্ৰহণ বিষয়া মনজুৰ ইলাহী বৰভূঞাক পদোন্নতি দিয়া হৈছে। মনজুৰ ইলাহী বৰভূঞাক সাধাৰণ প্ৰশাসন বিভাগৰ উপ সচিবৰূপে বদলি কৰা হৈছে। একেদৰে, সাধাৰণ প্ৰশাসনৰ অৱৰ সচিব শৌৰ্য শৰ্মাক ছিনিয়ৰ গ্ৰেড-২ পদোন্নতি কৰা হৈছে। ক্ৰীড়া-যুৱ কল্যাণৰ উপ সচিবৰূপে বদলি শৌৰ্য শৰ্মাক বদলি কৰা হৈছে। BTRৰ উপ সচিব ভাস্কৰজ্যোতি ৰাজবংশীক ছিনিয়ৰ গ্ৰেড-২ পদোন্নতি কৰা হৈছে। মৰিগাঁৱৰ ADCৰূপে বদলি কৰা হৈছে ভাস্কৰজ্যোতি ৰাজবংশীক।কোকৰাঝাৰৰ SDO(সদৰ) বনী ইনাম শ্বাদাবক ছিনিয়ৰ গ্ৰেড-২ পদোন্নতি দিয়া হৈছে। বনী ইনাম শ্বাদাবক দক্ষিণ শালমাৰা-মানকাচৰৰ ADCৰূপে বদলি কৰা হৈছে। শোণিতপুৰৰ SDO (সদৰ) বিৰাজ বৰুৱাক ছিনিয়ৰ গ্ৰেড-২ পদোন্নতি কৰা হৈছে, বিৰাজ বৰুৱাক ওদালগুৰিৰ ADCৰূপে বদলিৰ নিৰ্দেশ। আনহাতে, জনস্বাস্থ্য কাৰিকৰীৰ অৱৰ সচিব নন্দিতা হাজৰিকাক পদোন্নতি কৰা হৈছে, জনস্বাস্থ্য কাৰিকৰীৰ উপ সচিবৰূপে পদোন্নতি নন্দিতা হাজৰিকাক। ইফালে, সাংস্কৃতিক পৰিক্ৰমাৰ অৱৰ সচিব অনুৰাগ ফুকনক পদোন্নতি কৰা হৈছে, অনুৰাগ ফুকনক সাংস্কৃতিক পৰিক্ৰমাৰ উপ সচিব পদৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ লগতে ফুকনক সাংস্কৃতিক পৰিক্ৰমাৰ যুটীয়া সঞ্চালকৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাজহ-দুৰ্যোগ ব্যৱস্থাপনাৰ অৱৰ সচিব সংঘমিত্ৰা বৰুৱাক পদোন্নতি কৰি ডিব্ৰুগড়ৰ ADCৰূপে বদলি সংঘমিত্ৰা বৰুৱাক। আনহাতে, বিত্ত বিভাগৰ সচিব সংঘমিত্ৰা ভাগৱতীক পদোন্নতি কৰা হৈছে, সংঘমিত্ৰা ভাগৱতীক বিত্ত বিভাগৰ উপ সচিবৰূপে পদোন্নতি কৰা হৈছে। কামৰূপৰ SDO (সদৰ) মুনমী কলিতাক ছিনিয়ৰ গ্ৰেড-২ পদোন্নতি দিয়া হৈছে, কামৰূপৰ অতিৰিক্ত উপায়ুক্ত পদত নিযুক্ত হৈছে মুনমী কলিতা। গৃহ নিৰ্মাণ-নগৰ পৰিক্ৰমাৰ অৱৰ সচিব মৃণাল বৰাক গৃহ নিৰ্মাণ-নগৰ পৰিক্ৰমাৰ উপ সচিবৰূপে নিযুক্ত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...