অসমীয়া ভাষাক চৰম অপমান কৰি সুৰ সলালে চিৰাজুদ্দিন আজমলে

‘মই অসমীয়া নকওঁ, মই ইণ্টাৰনেচনেল মানু্হ’। অসমীয়া ভাষাক চৰম অপমান কৰি সুৰ সলালে চিৰাজুদ্দিন আজমলে। ৰাজ্যজুৰি চৌদিশে AIUDFৰ কাৰ্যকৰী সভাপতিগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত বিষয়টো সংবাদ মাধ্যমলৈহে দোষ ঠেলিলে। যমুনামুখৰ বিধায়কগৰাকীয়ে ফেচবুকযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে- অসমীয়া ভাষা সন্দৰ্ভত মোৰ এটি বক্তব্যক একাংশ সংবাদ গোষ্ঠী আৰু তথাকথিত কিছু বুদ্ধিজীৱীয়ে বিকৃত কৰা দেখি মোৰ বেয়া লাগিছে৷ যিহেতু বিষয়টো ৰাষ্ট্ৰীয় ৰাজনীতিৰ সৈতে জড়িত, সেয়ে মই ইংৰাজীতে ক’ব বিচাৰিছিলো৷ এনেই মই প্ৰথম ব্যক্তি নহয় যিয়ে সাংবাদিকৰ প্ৰশ্নৰ ইংৰাজীত উত্তৰ দিছিলো৷ যদি কোনোবাই চাব বিচাৰে মই আৰু মোৰ পৰিয়ালে অসমীয়া ভাষাৰ কাৰণে কি কৰি আছো তেন্তে এবাৰ হোজাইলৈ আহক৷ মই অসম সাহিত্য সভাৰ আজীৱন সদস্য৷ আজমল ফাউণ্ডেচনে অসমীয়া ভাষা আৰু সংস্কৃতিৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ লৈ আছে৷ অসমীয়া ভাষা নজনা লোকক অসমীয়া শিকাবলৈ আজমল ফাউণ্ডেচনে অহৰহ প্ৰচেষ্টা চলাই গৈছে৷ আমি বিশ্বৰ বহু প্ৰসিদ্ধ বিভিন্ন ভাষাৰ কিতাপ অসমীয়ালৈ অনুবাদ কৰাইছো৷ আৰু বহুতো আছে৷ একেটা বক্তব্যত মই এই কথাও কৈছো যে, মই এজন অসমীয়া আৰু অসমক মই ভাল পাও৷ অনুগ্ৰহ কৰি তিলটোক তাল কৰাৰ পুৰ্বে মোৰ বক্তব্যটো ভালকৈ চাওক৷ জয় আই অসম৷


উল্লেখ্য যে, ৰাজ্যসভা নিৰ্বাচনক লৈ তীব্ৰ বাক-বিতণ্ডা অব্যাহত আছে। ৰিপুণ বৰাৰ পৰাজয় আৰু শাসক-বিৰোধীৰ অৰিয়া-অৰিৰ মাজতে সংবাদ মাধ্যমে প্ৰতিক্ৰিয়া বিচৰাৰ সময়ত অসমীয়াত মন্তব্য দিবলৈ অপাৰগতা প্ৰকাশ কৰিছিল। সকলোৰে সন্মুখতে অসমীয়া ভাষাক তাচ্ছিল্য কৰাৰ পিছতে একেমুখে ধিক্কাৰ দিছিল সুধী সমাজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...