ৰাজ্যসভাৰ মজিয়াত ইতিহাস ৰচিলে বিজেপিয়ে, ১০০খন আসন স্পৰ্শ কৰা দলত পৰিণত বিজেপি

১৯৯০ চনৰ পিছত প্ৰথমবাৰলৈ ৰাজ্যসভাত ১০০খন আসন স্পৰ্শ কৰা দল হিচাপে পৰিগণিত হ’ল ভাৰতীয় জনতা পাৰ্টী। একপ্ৰকাৰৰ ৰাজ্যসভাৰ মজিয়াত ইতিহাস ৰচিলে গেৰুৱা দলটোৱে। ত্ৰিপুৰা, নাগালেণ্ড আৰু অসমত ৰাজ্যসভাৰ প্ৰাৰ্থী জয়ী হোৱাৰ পিচতে সদস্যৰ সংখ্যা বৃদ্ধি পায় বিজেপিৰ। বৰ্তমান বিজেপিৰ ৰাজ্যসভাৰ সাংসদৰ সংখ্যা ১০১জনলৈ বৃদ্ধি। শেহতীয়াকৈ দেশৰ ৫ খন ৰাজ্যৰ পৰা ১৩ খন ৰাজ্যসভাৰ আসনৰ বাবে হৈছিল নিৰ্বাচন। ইয়াৰে পঞ্জাৱত বিনা প্ৰতিদ্বন্দ্বিতাৰে আম আদমী পাৰ্টীৰ ৫জন সাংসদ নিৰ্বাচিত হয়। বিধায়কৰ সংখ্যা নথকাৰ বাবে পঞ্জাৱৰ আসনখন বিজেপিয়ে হেৰুৱালেও উত্তৰ-পূবৰ ৩ ৰাজ্য আৰু হিমাচল প্ৰদেশৰ আসনখন লাভ কৰে ভাৰতীয় জনতা পাৰ্টীয়ে। ইয়াৰ লগে লগে বিজেপিৰ আসনৰ সংখ্যা ১০০ৰ অধিক হয় আৰু ৩২ বছৰৰ মূৰত এই কৃতিত্বৰ অধিকাৰী হোৱা প্ৰথমটো ৰাজনৈতিক দল হিচাপে বিবেচিত হয় ভাৰতীয় জনতা পাৰ্টী। উল্লেখ্য যে, ২০১৪ চনত ৰাজ্যসভাত বিজেপিৰ সদস্যৰ সংখ্যা আছিল ৫৫ জন। কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা নিৰন্তৰভাবে বৃদ্ধি পাব ধৰে ৰাজ্যসভাত বিজেপিৰ সাংসদৰ সংখ্যা। কেইবাখনো ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ বাবে এই সফলতা পোৱাত সহায়ক হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...