মহাভাৰতৰ ‘ভীম’ প্ৰবীন কুমাৰ চবতিৰ মৃত্যু

টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক মহাভাৰতৰ ভীম প্ৰবীন কুমাৰ চবতিৰ মৃত্যু। হৃদৰোগত আক্ৰান্ত হৈ সোমবাৰে নিশা দিল্লীৰ বাসগৃহত মৃত্যুক সাবটি লয় অভিনেতাজনে। বি আৰ চোপ্ৰাৰ মহাভাৰতত ভীমৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈছিল প্ৰবীন কুমাৰ। ধাৰাবাহিকখনৰ সম্প্ৰসাৰৰ পিছতে ভীম ৰূপে পৰিচিত হৈছিল তেওঁ।

মহাভাৰতৰ উপৰি অমিতাভ বচ্চন অভিনীত ছাহেনশ্বাহ আৰু ধৰ্মেন্দ্ৰ অভিনীত লোহা ছবিত অভিনয় কৰিও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল প্ৰবীন কুমাৰে। ইয়াৰোপৰি আজকা অৰ্জুন, আজুবা, ঘায়েল আদি কেইবাখনো ছবিত অভিনয় কৰা প্ৰবীন কুমাৰে ২০১৩ত দিল্লীৰ বিধান সভা নিৰ্বাচনত আম আদমী প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

অভিনেতাৰূপে পেছাদাৰী জীৱন আৰম্ভ কৰিলেও প্ৰবীন কুমাৰ আছিল এজন সুদক্ষ এথলীটো। ডিচকাছ আৰু হেমাৰ থ্ৰ’ৰ সৈতে জড়িত প্ৰবীন কুমাৰে ১৯৬৮ত মেক্সিকো অলিম্পিক আৰু ১৯৭২ত মিউনিক অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...