মহাভাৰতৰ ‘ভীম’ প্ৰবীন কুমাৰ চবতিৰ মৃত্যু

টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক মহাভাৰতৰ ভীম প্ৰবীন কুমাৰ চবতিৰ মৃত্যু। হৃদৰোগত আক্ৰান্ত হৈ সোমবাৰে নিশা দিল্লীৰ বাসগৃহত মৃত্যুক সাবটি লয় অভিনেতাজনে। বি আৰ চোপ্ৰাৰ মহাভাৰতত ভীমৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈছিল প্ৰবীন কুমাৰ। ধাৰাবাহিকখনৰ সম্প্ৰসাৰৰ পিছতে ভীম ৰূপে পৰিচিত হৈছিল তেওঁ।

মহাভাৰতৰ উপৰি অমিতাভ বচ্চন অভিনীত ছাহেনশ্বাহ আৰু ধৰ্মেন্দ্ৰ অভিনীত লোহা ছবিত অভিনয় কৰিও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল প্ৰবীন কুমাৰে। ইয়াৰোপৰি আজকা অৰ্জুন, আজুবা, ঘায়েল আদি কেইবাখনো ছবিত অভিনয় কৰা প্ৰবীন কুমাৰে ২০১৩ত দিল্লীৰ বিধান সভা নিৰ্বাচনত আম আদমী প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

অভিনেতাৰূপে পেছাদাৰী জীৱন আৰম্ভ কৰিলেও প্ৰবীন কুমাৰ আছিল এজন সুদক্ষ এথলীটো। ডিচকাছ আৰু হেমাৰ থ্ৰ’ৰ সৈতে জড়িত প্ৰবীন কুমাৰে ১৯৬৮ত মেক্সিকো অলিম্পিক আৰু ১৯৭২ত মিউনিক অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই...

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয়...

পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়,...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ...