পদূলি পালেহি ভোগৰ ভোগালী

জাৰত কঁপা পুহ এই যাওঁ যাওঁ
পদূলি পালেহি ভোগৰ ভোগালী
কেইটামান ঘন্টা পাৰ কৰি বছৰে ভৰি থ’ব মাঘত
মেজিৰ জুইত জাহ যাব অপ্ৰীতি–অসূয়া
সেয়ে ভোগালীক আদৰাৰ এয়া বিপুল আখৰা

ভোগৰ ভোগজৰা খুলি মাঘে দিয়া উদ্যম এয়া। বছৰৰ বিহুটিক আদৰিবলৈ এইদৰেই সমবেত হৈছে ৰাইজ। উলাহতে কঁকাল ভাঙি নাচিছে বয়সতো দুৰন্ত তৰুণ এইজন ককাই। দৃশ্য এয়া নাওবৈচাৰ হাৰিবৰ দলনী গাঁৱৰ। বছৰৰ ফচল ভঁৰালত ভৰাই এসাজ একেলগে খোৱাৰ পৰম্পৰাৰ বাবে এয়া মহা আয়োজন। নৰাৰে বেৰ, তাল পাতৰ চালি দি ভেলাঘৰ সাজিছে ল’ৰাহঁতে। তামোল চকলিয়াই চকলিয়াই মেল মাৰিছে আইসকলে।
মনৰ উলাহতে আইতাই গাইছে তাহানিৰ বিহুনাম এফাকি

মাঘৰ বিহু মানেই যেন মাছৰ পয়োভৰ। এয়া চন্দ্ৰপুৰৰ পৰিৱেশ। ৰাইজক থলুৱা শাল, শিঙি, আঁৰি খুৱাবলৈ চলিছে অপাৰ প্ৰস্তুতি। জাল মাৰিছে সকলোৱে মিলি।চন্দ্ৰপুৰৰ বৰবিল একুৱা পাৰ্কত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ভোগালী মেলা। ১৩ আৰু ১৪ তাৰিখে আয়োজন কৰা হৈছে এই ভোগালী মেলাৰ। বিশেষকৈ বৰবিল একুৱা পাৰ্কৰ আমাৰ পথাৰ মীন সমবায় সমিতিত উৎপাদিত থলুৱা প্ৰতিটো প্ৰজাতিৰ মাছ উপলব্ধ হ’ব এই ভোগালী মেলাত।

উৰালত পিঠাগুৰি খুন্দি মাঘৰ বাবে পিঠা প্ৰস্তুতত ব্যস্ত জীয়ৰী বোৱাৰী। এই দৃশ্য দুধনৈৰ নিকটৱৰ্তী লেলাৰ শগুনবাহী গাঁৱৰ৷ বৰপিঠা, তিলপিঠা, বিবিধ লাৰু, দৈ–চিৰা, গুৰ গাখীৰেৰে ভোগালীক আদৰিবলৈ সকলো হৈছে সাজু।

বিভিন্ন স্থানত বিভিন্ন আৰ্হিৰ ভেলাঘৰ নিৰ্মাণৰ সময়তে এই ভেলাঘৰটিয়ে লাভ কৰিছে বিশেষ চৰ্চা। কিয়নো এই ঘৰৰ নিৰ্মাতা প্ৰতিগৰাকীয়েই মহিলা। নিজে বাঁহ কাটি, তমাল তুলাই, নৰাৰ বেৰ বান্ধি ঘৰ সাজু কৰি তুলিছে আটক ধুনীয়াকৈ। ওদালগুৰি সীমান্তৱৰ্তী অঞ্চল বৰছলাৰ দৃশ্য এয়া।
মহিলাসকলে এইদৰেই সজাইছে ভেলাঘৰটি।

ভোগালীৰ বাবে মাহজাতীয় শস্য চপাই মৰণা মৰাত ব্যস্ত কৃষিজীৱি অসমীয়া। মাজুলীত এইদৰে পৰম্পৰাগত পদ্ধতিত মৰণা মাৰিছে ৰাইজে। ভোগৰ বাবে মাটি মাহ, তিল, মগু মাহ আদি চপোৱাৰ বাবে

অতি ব্যস্ত মাজুলীৰ গঞা
দেওবাৰে উৰুকা
গাঁৱে–চহৰে অপাৰ আয়োজন
বিধে বিধে বিবিধ পৰিকল্পনা চলিছে
ভোগালীক আদৰিবলৈ সাজু অসমৰ জনগণ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...