গোলাঘাটৰ বছা-ভৰলুৱা গাঁৱত এইবাৰ ভোগালী নাই!

গোলাঘাটৰ বছা-ভৰলুৱা গাঁৱত এইবাৰ ভোগালী নাই!
মেজি নজ্বলে
ঢেকীৰো গুমগুমনি নাই, কেৱল মৰিশালীৰ নিস্তব্ধতা!

আছে একোখন কাতৰ মুখ। আছে এখন খালী চকী। আছে, হঠাত নাইকিয়া হৈ যোৱা অকণমাণি ছোৱালীজনীৰ এখন উকা ঝুলনা। আছে বুকু বিদাৰি যোৱা মৰ্মান্তিক এটা অভিশপ্ত ঘটনাৰ পাছৰো কিছু দায়িত্ব। আছে অনিৰ্বাণ সাহস।

আছে ভগৱানলৈ ক্ষোভ! আদিপুৰুষে উত্তৰ পুৰুষৰ শ্ৰাদ্ধ কৰিবলগীয়া হোৱা সেই মৰ্মান্তিক মুহূৰ্তৰ বেদনা। কবলৈ নিবিচাৰিও দেৰগাঁৱৰ বালিজানৰ সেই ভয়ংকৰ আৰু মৰ্মান্তিক দুৰ্ঘটনাটোৰ কথা কব বিচাৰিছোঁ। দুৰ্ঘটনাত নিহত গোলাঘাটৰ

বছা-ভৰলুৱা গাঁৱৰ ১১ জনকৈ মৃতকৰ আজি দহা
সেয়ে ভোগালীৰ বতৰতো গাঁওখনত মৰিশালী নিস্তব্ধতা
বাট-পথবোৰত নাই এজনো লোকৰ অহা-যোৱা
চেঁচা চেঁচা, কিবা ভয় লগা!

বুকুত অনিৰ্বাণ সাহস লৈ এইজন লোকে দহা কাৰ্য সমাপন কৰিছে। দুৰ্ঘটনাটোত ঢুকাইছে তেওঁৰ ভাতৃ, ভতিজী আৰু নিজৰেই কণমানি কন্যা। তাতোকৈ পৰিতাপৰ বিষয়, সেই একেটা দুৰ্ঘটনাত আহত হৈ চিকিত্সাধীন হৈ থকা তেওঁৰ ভাই বোৱাৰীয়ে গমকেই নাপায় তেওঁৰ স্বামী আৰু কন্যাৰ মৃত্যুৰ কথা। বৰজনাকে কবলৈ সাহস গোটাব পৰা নাই।

আন এজন লোকেও তেওঁৰ আত্মীয়ৰ কাজ-কৰ্ম কৰিছে নীৰৱে নিতালে। নীৰৱে নিতালে দুই এখন বন কৰি দিছে গাঁৱৰো দুই একে। কোনোৱে কান্দিছে মনে মনে। কোনোৱে পৰা নাই। ধূপ-দ্বীপ-নৈবদ্যৰে, ফল-মূল, দক্ষিণাৰে মৃতকৰ আত্মাৰ সদগতি প্ৰাৰ্থনা কৰিছে সকলোৱে। মেজি পাতিম বুলি গাঁওবাসীয়ে কাটি থোৱা খৰিবোৰত কুঁৱলি পৰিছে। সকলো ফালৰ পৰা সেমেকা হৈ আছে বছা ভৰলুৱা গাঁও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘প্ৰতিবাদ কৰা মানেই জেন জি দেশবিৰোধী নহয়, তেওঁলোক আমাৰেই সন্তান’: ছাত্ৰ প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়া সম্পৰ্কে RSS প্ৰধান মোহন ভাগৱত

শেহতীয়াকৈ শিক্ষাৰ্থীসকলে কৰা আন্দোলন আৰু প্ৰতিবাদকাৰীসকলক 'দেশবিৰোধী' বুলি দিয়া...

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ; বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীলৈ সাহায্য ঘোষণা

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষাক উৎসাহিত কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত...

থাইলেণ্ডত ফুটবল মেচ চলি থকাৰ সময়তে বজ্ৰপাত: ২৪ বছৰীয়া ফুটবলাৰৰ কৰুণ মৃত্যু, আহত আন ১২ জন

থাইলেণ্ডৰ দক্ষিণাঞ্চলৰ নাৰাথিৱাত প্ৰদেশৰ ছুংগাই গোলক চহৰৰ শান্তিপাপ ষ্টেডিয়ামত...