ঘন কুঁৱলী ভাঙি চলিছে গণৰাজ্য দিৱসৰ আখৰা

ঘন কুঁৱলী
তাপমাত্ৰা মামিছে ৩.৯ ডিগ্ৰী চেলছিয়াছলৈ
শীতে কোঙা কৰিছে দিল্লী

গাৰ কাষত থকা মানুহজনকো চিনিব নোৱাৰা এক পৰিস্থিতি। সমগ্ৰ দিল্লী ঢাকি ধৰিছে ঘন কুঁৱলীয়ে। অদৃশ্যপ্ৰায় হৈ পৰিছে চৌপাশ। এয়া শুকুৰবাৰৰ পুৱাৰ দৃশ্য। ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰসহ চৌপাশ ঘন কুঁৱলীৰ আচ্ছাদনৰ তলত। পালম অঞ্চলতো একেই পৰিবেশ। পুৱা ৭–৮ বজাতো জ্বলি আছে ষ্ট্ৰীট লাইট। লাইট জ্বলাই পথত চলিব লগা হৈছে গাড়ী–মটৰ।

প্ৰবল শীতৰ মাজতো ব্যস্ত সেনা–আৰক্ষী
কদম কদম বঢ়ায়ে যা…

ঘন কুঁৱলী ভাঙি চলিছে গণৰাজ্য দিৱসৰ আখৰা। এয়া কৰ্তব্য পথ। পুৱাতে পেৰেডৰ আখৰাৰে ছন্দময় ৰাজপথ। সেনা, অৰ্ধসামৰিক বাহিনী, NCC আদিৰ কেডাৰ, জোৱানে কৰি আছে আখৰা। গণৰাজ্য দিৱসত এইদৰে মুখৰ হ’ব কৰ্তব্য পথ। এইবাৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEET UG পুনঃপৰীক্ষাৰ বাবে টেলিগ্ৰামৰ ওপৰত নিষেধাজ্ঞা; দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম

NEET UG পৰীক্ষাৰ পূৰ্বে চৰকাৰে অস্থায়ীভাৱে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ...

কফ চিৰাপ কিনাৰ বাবেও লাগিব চিকিৎসকৰ প্ৰেছক্ৰিপছন

এতিয়াৰে পৰা কফ চিৰাপ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত জাৰি কৰা হৈছে...

বুধবাৰৰ দিনটো মেছিৰ বাবে উল্লেখযোগ্য; এইবাৰৰ বিশ্বকাপ মেছিৰ বাবে অন্তিম বিশ্বকাপ হ’ব নেকি?

চলি আছে বিশ্বকাপ ফুটবল। এতিয়াও খেলপথাৰত নমা নাই বিশ্বকাপৰ...