কুঁৱলী নে মৰণ কিৰীলি?

কুঁৱলী নে মৰণ কিৰীলি?
ঘটনা এটাৰ পিছত আন এটা
ভয়াৱহ!
এটাৰ পিছত আন এটা অঘটন
লোমহৰ্ষক!

সমীপত ভোগৰ ভোগালী। কিন্তু তাৰ পূৰ্বে এয়া কান্দোনৰ ৰোল। কলিয়াবৰৰ মিছামুখ গাঁও। এই গাঁওখনত উৰুকাৰ দুদিন পূৰ্বে কেৱল বিননি–চিৎকাৰ। বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ ৰৌমাৰীত সংঘটিত হ’ল এক ভয়াৱহ দুৰ্ঘটনা। কলিয়াবৰ তিনিআলিৰ ফালৰ পৰা মিছাৰ দিশে আহি আছিল AS 12 J 6909 নম্বৰৰ এই বাহনখন। হঠাৎ হেৰাল নিয়ন্ত্ৰণ। বাগৰি পৰিল চাৰিলেনযুক্ত পথৰ পৰা দ খাৱৈত।

নিহত হ’ল ৩ জনকৈ যুৱক। ফটোত দেখা এই তিনিজন যুৱক ক্ৰমে অৰ্জুন তাঁতী, অমৃত বিশ্বাস আৰু ৰাহুল বিশ্বাস। ইয়াৰে দুজন থিতাতে নিহত হোৱাৰ বিপৰীতে ৰাহুলক সংকটজনক অৱস্থাত নিয়া হৈছিল তেজপুৰ মেডিকেল কলেজলৈ। কিন্তু আদবাটতে শেষ নিশ্বাস ত্যাগ কৰিলে ৰাহুলে। ঘটনাক লৈ স্থানীয় লোকৰ শোক। ঘন কুঁৱলী এই দুৰ্ঘটনাৰ অন্যতম কাৰণ। গাড়ীখনত আছিল চালকৰ আসনত গোবিন্দ বিশ্বাস নামৰ আন এজন যুৱক। ঘটনা সংঘটিত হোৱাৰ পাছতে পলায়নৰ অভিযোগ। একে নিশাই নগাঁৱৰ ডিমৰুগুৰিটো ঘটিল অঘটন। ডিভাইডাৰত এইদৰে উঠিল ট্ৰাক। খাৰুপেটীয়াৰ পৰা আমনি অভিমুখে আহি আছিল এই ট্ৰাকখন। ডিভাইদাৰত খুন্দা মাৰি চূৰ্ণাকৃত সকলো।

এক ভয়ানক অঘটনৰ পৰা ৰক্ষা পৰিল আজাৰাৰ পৰা মিৰ্জালৈ গৈ থকা অৱস্থাত শিক্ষাৰ্থীসহ St Joseph Schoolৰ এই বাহনখন। পুৱাৰ ভাগত শিক্ষাৰ্থীসহ গৈ থকা বাহনখনৰ সংঘৰ্ষ হয় নগালেণ্ডৰ পঞ্জীভুক্ত ট্ৰাকৰ সৈতে। আজাৰা থানাৰ সন্মুখতে ঘটিল অঘটন। ঘন কুঁৱলীয়ে অঘটন ঘটালে হোজাইটো। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ অৱস্থা দেখিলে সহজেই অনুমেয় কেনে এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিছে যাত্ৰীসকল। এই তিনিচকাৰ বাহনে খুন্দা মাৰিলে বিদ্যুতৰ খুঁটাত। যাত্ৰী কঢ়িওৱা এই বাহনৰ ভিতৰত গুৰুতৰভাৱে আহত মহিলাক পঠিওৱা হ’ল হাস্পতাললৈ। ৰাজ্যত এতিয়া প্ৰচণ্ড শীত। নিশাটো বাদেই পুৱাৰ ভাগতো ঘন কুঁৱলীৰ আচ্ছাদনে বেৰি থাকে ৰাজপথ। ঘন কুঁৱলীৰ বাবেই এটাৰ পিছত আনটো ঘটনা ৰাজ্যত বিগত ২৪ ঘণ্টাত। সাৱধান ৰাইজ। গাড়ী লাহে লাহে চলাব।

NKTV Digital
Author: NKTV Digital

316 COMMENTS

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...