ৰাজ্যিক ক্রীড়া নীতিৰ অধীনত লাভলীনা বৰগোঁহাইলৈ ৭ লাখ টকা

গুৱাহাটী, ১৬ জুন, NKTV: আগন্তুক টকিঅ’ অলিম্পিকত মহিলা বক্সিঙত ভাৰতক প্রতিনিধিত্ব কৰিবলগীয়া অসম কন্যা লাভলীনা বৰগোঁহাইৰ পিতৃ টিকেন বৰগোঁহাইয়ে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক জনতা ভৱনস্থিত তেখেতৰ কার্যালয় কক্ষত সাক্ষাৎ কৰি বক্সাৰগৰাকীয়ে অলিম্পিকৰ বাবে চলাই থকাৰ প্রস্তুতি সন্দৰ্ভত মত বিনিময় কৰে। এই সাক্ষাৎ কালত মুখ্যমন্ত্রী ড° শৰ্মাই বক্সাৰগৰাকীক টকিঅ’ অলিম্পিকৰ বাবে যাৱতীয় প্রস্তুতি আৰু প্রশিক্ষণত সহায়ক হােৱাকৈ ৰাজ্যিক ক্রীড়া নীতি অনুসৰি ৫ লাখ টকা ধনৰাশিৰ এখন চেক বক্সাৰগৰাকীৰ পিতৃৰ হাতত অৰ্পণ কৰে। তদুপৰি ডুবাইত সদ্যসমাপ্ত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অর্জন কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা লাভলীনা বৰগোঁহাইলৈ ৰাজ্যিক ক্রীড়া নীতি অনুসৰি ২ লাখ টকা ধনৰাশিৰ আন এখন চেকো মুখ্যমন্ত্ৰীয়ে বক্সাৰগৰাকীৰ পিতৃৰ হাতত আজি অর্পণ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই লগতে আগন্তুক অলিম্পিকত বক্সাৰগৰাকীয়ে পদক অর্জনেৰে ৰাজ্য তথা দেশবাসীক গৌৰৱান্বিত কৰিব বুলি আশা প্রকাশ কৰে। আনহাতে মুখ্যমন্ত্ৰীয়ে আজি ৰাজ্যিক বক্সিং একাডেমী প্রশিক্ষার্থীৰ এটা গােটৰ সৈতেও এই সাক্ষাৎ কালতে মত-বিনিময় কৰি তেওঁলােকে একাডেমীখনত লাভ কৰি থকা সা-সুবিধাৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে বক্সিং একাডেমী কর্তৃপক্ষক এই উদীয়মান বক্সাৰসকলক পুষ্টিদায়ক খাদ্য ইত্যাদি নিয়মীয়াকৈ যােগান ধৰি ভালদৰে অনুশীলন চলােৱাৰ যাৱতীয় সকলাে ব্যৱস্থা কৰাৰ বাবে কয়। মুখ্যমন্ত্ৰীয়ে লগতে ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্রী বিমল বৰাক একাডেমীখন পৰিদৰ্শন কৰি সা-সুবিধাৰ বুজ লােৱাৰ বাবে নির্দেশ দিয়াৰ লগতে তেখেতে নিজেও একাডেমীখনলৈ গৈ ইয়াত উপলব্ধ সা-সুবিধাৰ বুজ ল’ব বুলি কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC...

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...