নাবালিকা নিৰ্যাতনৰ গোচৰত অভিযুক্ত পাৰ্ল ভি পুৰীয়ে পালে জামিন

গুৱাহাটী, ১৬ জুন, NKTV: ধাৰাবাহিকৰ ছুটিংস্থলীত এগৰাকী নাবালিকাক শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত আটক কৰা হৈছিল জনপ্ৰিয় ধাৰাবাহিক ‘নাগিন’ৰ জনপ্ৰিয় অভিনেতা পাৰ্ল ভি পুৰীক। পাৰ্ল ভি পুৰীৰ নাম এই অভিযোগৰ সৈতে সাঙুৰ খোৱাৰ পিছতে অভিনেতাজনৰ সমৰ্থনত অজস্ৰ অনুৰাগীয়ে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল। অনুৰাগী সকলৰ মাজত আছিল পাৰ্ল ভি পুৰীৰ লগত কাম কৰা অভিনেতা-অভিনেত্ৰী সকলো। তেওঁলোকে বিশ্বাস কৰিছিল যে পাৰ্ল ভি পুৰীয়ে কেতিয়াও এনে কাম কৰিব নোৱাৰে। তেওঁক সমৰ্থন কৰা লোক সকলৰ ভিতৰত অন্যতম আছিল একেধাৰে অভিনেত্ৰী তথা পৰিচালক-প্ৰযোজক দিব্যা খোচলা কুমাৰ।

দিব্যাই তেওঁৰ বন্ধু তথা কো-ষ্টাৰ পাৰ্ল ভি পুৰীৰ সমৰ্থনত থিয় দিয়া পৰিলক্ষিত হৈছিল। পাৰ্ল ভি পুৰীৰ বিৰুদ্ধে কৰা এনে অভিযোগৰ বিৰোধিতা কৰি দিব্যাই কৈছিল যে, “যদি সঁচাকৈ পাৰ্ল ভি পুৰীয়ে এনে কাণ্ড সংঘটিত কৰিছিল, তেন্তে উত্থাপিত অভিযোগ মতে ২ বছৰ পূৰ্বেই সংঘটিত হোৱা এই ঘটনাৰ বাবে কিয় অভিনেতাজনৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ ৰুজু কৰা হোৱা নাছিল?”। পাৰ্ল ভি পুৰীক সমৰ্থন জনাবলৈ দিব্যাই সকলো ধৰণৰ পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছিল। দিব্যাই লগতে কৈছিল যে, পাৰ্ল ভি পুৰীৰ কেৰিয়াৰ বিনষ্ট কৰা বাবেহে কোনোৱে এনে কাৰ্য সংঘটিত কৰিছিল কিয়নো অলপতে পাৰ্ল ভি পুৰীয়ে এখন ডাঙৰ ছবিৰ বাবে চুক্তিবদ্ধ হোৱাৰ কথা। ইয়াৰ পিছতেই আজি পাৰ্ল ভি পুৰীয়ে জামিন লাভ কৰাৰ কিছু সময় পিছতেই দিব্যা খোচলা কুমাৰে নিজৰ ইনষ্টাগ্ৰামত অভিনেতাজনৰ ফেনসকলক অভিনন্দন জ্ঞাপন কৰি লিখিলে যে,”অভিনন্দন ফেন ক্লাৱলৈ এই অশেষ সমৰ্থনৰ বাবে, আমাৰ ন্যায়পালিকাৰ ওপৰত দৃঢ় বিশ্বাস আছে আটাইবোৰ সত্য অতি সোনকালে পোহৰলৈ আহিব, সত্যমেৱ জয়তে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...