ভাৰতীয় বক্সাৰ লাভলীনা বৰগোঁহাই আজি, ২ অক্টোবৰত পুৱা ১০ বজাত ২০২৬ এছিয়ান গেমছৰ মহিলাৰ ৭৫ কেজি শাখাৰ স্বৰ্ণ পদকৰ ফাইনেলত চীনৰ বাও জিয়িৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
লাভলীনাৰ বাবে এই মেচখন বিশেষ গুৰুত্বপূৰ্ণ। কাৰণ আজি তেওঁৰ ২৯সংখ্যক জন্মদিন। ১৯৯৭ চনৰ ২ অক্টোবৰত জন্মগ্ৰহণ কৰা অসমৰ বক্সাৰগৰাকী টকিঅ’ ২০২০ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী আৰু ২০২৩ চনৰ IBA মহিলা বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী। এতিয়া এছিয়ান গেমছৰ স্বৰ্ণ পদক জয় কৰি আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত আন এক সফলতা যোগ কৰাৰ লক্ষ্যৰে ৰিঙত নামিব লাভলীনা।
আনহাতে, তেওঁৰ প্ৰতিদ্বন্দ্বী চীনৰ বাও জিয়িৰ জন্ম ২০০৬ চনৰ ফেব্ৰুৱাৰীত। বৰ্তমান তেওঁৰ বয়স ২০ বছৰ। অভিজ্ঞ ভাৰতীয় বক্সাৰগৰাকীৰ বিৰুদ্ধে ৭৫ কেজি শাখাৰ স্বৰ্ণ পদকৰ বাবে যুঁজ দিব যুৱ বক্সাৰগৰাকীয়ে।
জন্মদিনটোতে লাভলীনাই এছিয়ান গেমছৰ স্বৰ্ণ পদক জয়েৰে দিনটো স্মৰণীয় কৰি তুলিব পাৰিবনে, এতিয়া সকলোৰে দৃষ্টি এই ফাইনেলৰ ওপৰত।
