হাইলাকান্দিত ৬০ লাখ টকাৰ ইয়াবা টেবলেট সহ দুজনক গ্ৰেপ্তাৰ

হাইলাকান্দি জিলাত পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ কৰিছে আৰক্ষীয়ে। বাউৰোঘাট অঞ্চলত অভিযান চলাই আৰক্ষীয়ে প্ৰায় ৬০ লাখ টকা মূল্যৰ ৮১৬.৯ গ্ৰাম ইয়াবা টেবলেট জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা লোক দুজন হৈছে ভিচিংছা গাঁৱৰ বাহাৰুল আলম মজুমদাৰ (২৮) আৰু ছায়েখ হুছেইন লস্কৰ (২৫)। অভিযানকালত ইয়াবা টেবলেটখিনিৰ উপৰি তিনিটা ম’বাইল ফোন আৰু এখন বলেৰো বাহন জব্দ কৰা হয়।

আৰক্ষীৰ তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা দুজনৰ ভিতৰত এজন ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী আৰু আনজন চৰকাৰী কৰ্মচাৰী। জব্দ কৰা ইয়াবাখিনি ক’ৰ পৰা অনা হৈছিল আৰু ইয়াৰ সৈতে কোনো বৃহৎ মাদক চক্ৰ জড়িত আছে নেকি, সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, হাইলাকান্দি জিলাত বিগত কিছুদিন ধৰি নিষিদ্ধ মাদকদ্ৰব্যৰ বিৰুদ্ধে আৰক্ষী আৰু বিভিন্ন নিৰাপত্তা সংস্থাই অভিযান তীব্ৰতৰ কৰি তুলিছে। বাউৰোঘাটত বৃহৎ পৰিমাণৰ ইয়াবা জব্দৰ এই ঘটনাই জিলাখনত অব্যাহত থকা মাদক সৰবৰাহৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি পুৱা ১০ বজাত এছিয়ান গেমছৰ ফাইনেলত চীনৰ বাও জিয়িৰ বিৰুদ্ধে লাভলীনা বৰগোঁহাই

ভাৰতীয় বক্সাৰ লাভলীনা বৰগোঁহাই আজি, ২ অক্টোবৰত পুৱা ১০...

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...