২০২৭ বৰ্ষৰ আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ সময়সূচী ঘোষণা, গ্ৰুপ ‘A’ত ভাৰত। ১০ অক্টোবৰত ভাৰত-পাকিস্তানৰ খেল

ICC-এ আজি কেপটাউনত ঘোষণা কৰে ২০২৭ চনৰ ICC পুৰুষৰ এদিনীয়া বিশ্বকাপৰ সম্পূৰ্ণ সূচী। দক্ষিণ আফ্ৰিকা, জিম্বাব’ৱে আৰু নামিবিয়াই যৌথভাৱে আয়োজন কৰিবলগীয়া বিশ্বকাপখন ২ অক্টোবৰত উইণ্ডহ’কত অনুষ্ঠিত তিনিটা দলৰ ছুপাৰ ছিৰিজেৰে আৰম্ভ হ’ব। গ্ৰুপ পৰ্যায়ৰ মেচ আৰম্ভ হ’ব ৭ অক্টোবৰৰ পৰা।

এইবাৰৰ বিশ্বকাপত ১৪টা দলে ১২টা ভেন্যুত খেলিব। ভাৰতক গ্ৰুপ ‘A’ত ৰখা হৈছে। এই গ্ৰুপত ভাৰতৰ সৈতে আছে অষ্ট্ৰেলিয়া, পাকিস্তান, আফগানিস্তান, জিম্বাব’ৱে আৰু কোৱালিফায়াৰ ‘A’। গ্ৰুপ ‘B’ত আছে নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, ইংলেণ্ড, বাংলাদেশ আৰু কোৱালিফায়াৰ ‘B’।

ভাৰতে ৭ অক্টোবৰত কেপটাউনত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপ অভিযান আৰম্ভ কৰিব। আনহাতে, বহু প্ৰতীক্ষিত ভাৰত-পাকিস্তানৰ মেচখন ১০ অক্টোবৰত জোহানেছবাৰ্গত অনুষ্ঠিত হ’ব।

বিশ্বকাপৰ ফাইনেল ২১ নৱেম্বৰত জোহানেছবাৰ্গত অনুষ্ঠিত হ’ব আৰু ২২ নৱেম্বৰ ৰিজাৰ্ভ ডে’ হিচাপে ৰখা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...