দক্ষিণ-কোৰিয়াক হৰুৱাই এছিয়ান গেমছত ভাৰতীয় মহিলা ৰিকাৰ্ভ আৰ্চাৰী দলৰ ঐতিহাসিক স্বৰ্ণ

২০২৬ এছিয়ান গেমছত ইতিহাস ৰচিলে ভাৰতীয় মহিলা ৰিকাৰ্ভ আৰ্চাৰী দলে। শুকুৰবাৰে ১০ বাৰৰ অলিম্পিক চেম্পিয়ন দক্ষিণ কোৰিয়াক ৫–৩ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে এছিয়ান গেমছৰ স্বৰ্ণ পদক জয় কৰে ভাৰতীয় দলে।

অংকিতা ভকত, কীৰ্তি শৰ্মা আৰু ১৭ বছৰীয়া কুমকুম মহোদে প্ৰতিকূল বতৰৰ মাজতো দৃঢ় প্ৰদৰ্শনেৰে ভাৰতক ঐতিহাসিক জয়ৰ সোৱাদ দিয়ে। ইয়াৰ পূৰ্বে ছেমিফাইনেলত ভাৰতে চীনক ৫–১ ব্যৱধানত পৰাস্ত কৰিছিল।

এই স্বৰ্ণ পদক ২০২৬ এছিয়ান গেমছত ভাৰতৰ ১১সংখ্যক স্বৰ্ণ পদক। লগতে আৰ্চাৰীত এয়া ভাৰতৰ চতুৰ্থ স্বৰ্ণ।

উল্লেখ্য, ২০২৩ চনৰ হাংঝৌ এছিয়ান গেমছত ভাৰতীয় মহিলা ৰিকাৰ্ভ দলে ব্ৰঞ্জ পদক লাভ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...