আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম সলনি কৰিছে Meta-ই। নতুন নিৰিখ অনুসৰি, WhatsApp Business Platform-ৰ প্ৰতিটো ব্যৱসায়িক ফোন নম্বৰৰ বাবে মাহে ১,০০০টা service message বিনামূলীয়াকৈ প্ৰেৰণ কৰিব পাৰিব। এই সীমা অতিক্ৰম কৰাৰ পিছত প্ৰতিটো delivered service message-ৰ বাবে ভাৰতত ০.১১৫ পইচাকৈ মাচুল দিব লাগিব।

Meta-ৰ নতুন মূল্য নিৰ্ধাৰণ ব্যৱস্থা solution provider-ৰ জৰিয়তে অথবা direct integration-ৰ মাধ্যমেৰে WhatsApp Business Platform ব্যৱহাৰ কৰা ব্যৱসায়সমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

ইফালে, গ্ৰাহকে ব্যৱসায়িক প্ৰতিষ্ঠানলৈ মেছেজ কৰাৰ পিছত আৰম্ভ হোৱা ২৪ ঘণ্টীয়া customer service window-ৰ ভিতৰতো কিছুমান utility message-ৰ বাবে এতিয়াৰে পৰা মাচুল দিব লাগিব। অৰ্ডাৰ নিশ্চিতকৰণ, delivery update আৰু account-related notification আদি utility message-ৰ অন্তৰ্ভুক্ত। ভাৰতত প্ৰতিটো delivered utility message-ৰ বাবেও ০.১১৫ পইচাকৈ মাচুল নিৰ্ধাৰণ কৰা হৈছে।

একেদৰে authentication message-ৰ বাবেও প্ৰতিটো delivered message-ত ০.১১৫ পইচাকৈ মাচুল লাগিব। আনহাতে, marketing message-ৰ হাৰ প্ৰতিটো delivered message-ৰ বাবে ০.৮৬৩১ নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে, Meta-ই প্ৰকাশ কৰা এই হাৰত তৃতীয় পক্ষৰ provider-ৰ অতিৰিক্ত মাচুল বা কৰ অন্তৰ্ভুক্ত নহ’ব পাৰে।

উল্লেখ্য যে, ৩০ ছেপ্টেম্বৰলৈকে service message-ৰ বাবে Meta-ই কোনো messaging charge আৰোপ কৰা নাছিল। নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পূৰ্বে ব্যৱসায়সমূহক payment method সংযোজন কৰিবলৈও Meta-ই আহ্বান জনাইছে। কোম্পানীটোৰ মতে, ৩০ ছেপ্টেম্বৰৰ ভিতৰত payment method সংযোজন নকৰা ব্যৱসায়ে ১ অক্টোবৰৰ পৰা service message প্ৰেৰণত বাধাৰ সন্মুখীন হ’ব পাৰে।

অৱশ্যে, এই নতুন মাচুলৰ প্ৰভাৱ সাধাৰণ WhatsApp ব্যৱহাৰকাৰীৰ ব্যক্তিগত মেছেজৰ ক্ষেত্ৰত নপৰে।

ইফালে, Meta Business Agent-ৰ AI সেৱাৰ মাচুল পৃথকভাৱে প্ৰযোজ্য হ’ব। Meta-ৰ তথ্য অনুসৰি, Business Agent-ৰ response-ৰ বাবে প্ৰতি ১ মিলিয়ন token-ত ২ ডলাৰ মাচুল নিৰ্ধাৰণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭ দিনৰ পিছত কাৰাগাৰৰ পৰা মুকলি CJPৰ দুই মুখপাত্ৰ সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীৰ জন্তৰ-মন্তৰত প্ৰতিবাদৰ সময়ত ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰি গ্ৰেপ্তাৰ...

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙক ‘গ্ৰেণ্ড মাষ্টাৰ ৯ম ডান’ সন্মান গ্ল’বেল ট্ৰেডিচনেল তাইকোৱাণ্ডো ফেডাৰেচনৰ

মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙক গ্ল’বেল ট্ৰেডিচনেল তাইকোৱাণ্ডো ফেডাৰেচনে...

পাকিস্তানৰ বেলুচিস্তানত সামৰিক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ নাগৰিকৰ মৃত্যু

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত পৃথক পৃথক ড্ৰ’ন আক্ৰমণত তিনি সাধাৰণ...