মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ ভৱিষ্যতৰ প্ৰভাৱশালী উদীয়মান তাৰকাৰ এখন সন্মানীয় তালিকাত স্থান দিয়া হৈছে।

TIME Magazineৰ ২০২৬ চনৰ TIME100 Next তালিকাত ক্ৰীড়া, মনোৰঞ্জন, ৰাজনীতি আৰু ব্যৱসায়কে ধৰি বিভিন্ন ক্ষেত্ৰত ভৱিষ্যতে প্ৰভাৱ বিস্তাৰ কৰিব পৰা ১০০গৰাকী উদীয়মান প্ৰতিভাক অন্তৰ্ভুক্ত কৰা হৈছে। এই তালিকাত স্থান লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি হৈছে সূৰ্যবংশী। তেওঁ তালিকাত স্থান লাভ কৰা মুঠ সাতগৰাকী ক্ৰীড়াবিদৰ ভিতৰত অন্যতম।

সূৰ্যবংশীৰ সৈতে তালিকাখনত স্থান লাভ কৰা আন ক্ৰীড়াবিদসকলৰ ভিতৰত আছে আমেৰিকান ফুটবলৰ কোৱাৰ্টাৰবেক আৰ্চ মেনিং, NBA তাৰকা টাইৰিজ মেক্সি, ফুটবলাৰ নাওমি গিৰ্মা আৰু ফ’লাৰিন বালোগুন, টেনিছ খেলুৱৈ আলেক্সান্দ্ৰা এলা আৰু বাস্কেটবল খেলুৱৈ অলিভিয়া মাইলছ।

২০২৪ চনৰ IPL নিলামত মাত্ৰ ১৩ বছৰ বয়সতে Rajasthan Royals-এ সূৰ্যবংশীক ক্ৰয় কৰাৰ পিছত তেওঁ IPL নিলামত চুক্তিবদ্ধ হোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে ইতিহাস সৃষ্টি কৰিছিল। পৰৱৰ্তী বছৰত IPL-ত অভিষেক ঘটাই পুৰুষৰ T20 ক্ৰিকেটত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপেও তেওঁ ইতিহাস ৰচনা কৰে।

TIME-ৰ CEO জেছিকা ছিবলিয়ে কয় যে এইবাৰৰ তালিকাত স্থান লাভ কৰা প্ৰতিভাশালী ব্যক্তিসকলে সীমা অতিক্ৰম কৰি নতুন সম্ভাৱনাৰ সৃষ্টি কৰাৰ লগতে নিজৰ ক্ষেত্ৰ আৰু সমাজৰ উন্নয়নত অৰিহণা যোগাইছে।

ইফালে, তালিকাত স্থান লাভ কৰা ব্ৰিটিছ গায়িকা-গীতিকাৰ Raye-য়ে ২৯ অক্টোবৰত নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক TIME100 Next অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

এছিয়ান গেমছত ভাৰতৰ পদকৰ দৌৰ অব্যাহত; হকী-ক্রিকেটত ফাইনেলত প্ৰৱেশ, মল্লযুদ্ধ-ছেইলিঙ-আৰ্চাৰীত পদক

জাপান এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ সফল অভিযান অব্যাহত আছে।...

হঠাতে ঘৰ-ৰাস্তাত ভয়ংকৰ ফাট! লিডুত ক’ল ইণ্ডিয়াৰ কয়লা ডাম্পিঙ, মাটি খননৰ ভয়ংকৰ পৰিণতি

মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তীত বাসগৃহ আৰু বাট-পথত...

আজি পৰা কাৰ্যকৰী হ’ল জন্ম-মৃত্যু পঞ্জীয়ন (সংশোধনী) আইন; জানি লওক নতুন বিধি

আজি পৰা কাৰ্যকৰী হ’ল জন্ম আৰু মৃত্যু পঞ্জীয়ন (সংশোধনী)...