লটাৰীত ব্ৰিজা বাহন পোৱাৰ খবৰ, গুৱাহাটীলৈ আহি বিপাঙত কৰিমগঞ্জৰ লোক! ফোন বন্ধ কৰি দিলে খবৰ দিয়া লোকে, অৱশেষত আৰক্ষীৰ কাষ চাপিল ভুক্তভোগীয়ে

অনলাইনযোগে লটাৰীৰ টিকট ক্ৰয় কৰি বিপাঙত পৰিল কৰিমগঞ্জৰ এজন লোক। ২৫০ টকা ব্যয় কৰি তিনিটা লটাৰীৰ টিকট ক্ৰয় কৰাৰ পাছত এখন ব্ৰিজা বাহন লাভ কৰা বুলি খবৰ পোৱা লোকজনে এতিয়া সংশ্লিষ্ট ব্যক্তিৰ সৈতে যোগাযোগ কৰিব নোৱাৰি সমস্যাত পৰিছে। ঘটনাক কেন্দ্ৰ কৰি অভিযোগ দাখিলৰ বাবে দিছপুৰ থানাত উপস্থিত হয় ভুক্তভোগী সুবিৰ ৰঞ্জন দাস।

প্ৰাপ্ত অভিযোগ অনুসৰি, কাহিলীপাৰাৰ সঞ্জয় দাস নামৰ এজন ব্যক্তিয়ে অনলাইনযোগে সুবিৰ ৰঞ্জন দাসক লটাৰীৰ তিনিটা টিকট যোগান ধৰিছিল। এই তিনিটা টিকটৰ বাবদ সুবিৰ ৰঞ্জনে ২৫০ টকা আদায় দিছিল। অহা ৮ অক্টোবৰত লটাৰীৰ খেল অনুষ্ঠিত হ’ব বুলি তেওঁক জনোৱা হৈছিল।

অভিযোগ অনুসৰি, পৰৱৰ্তী সময়ত সঞ্জয় দাসে ফোনযোগে সুবিৰ ৰঞ্জনক এখন ব্ৰিজা বাহন লাভ কৰা বুলি জনায়। এই খবৰ লাভ কৰাৰ পাছতে সুবিৰ ৰঞ্জনে বাহনখন লাভ কৰাৰ আশাত গুৱাহাটীত দুদিন ধৰি বাহৰ পাতি থকা বুলি জানিব পৰা গৈছে।

কিন্তু পৰৱৰ্তী সময়ত সঞ্জয় দাসে ফোন ধৰিবলৈ এৰি দিয়াত বিপাঙত পৰে সুবিৰ ৰঞ্জন। সঞ্জয়ৰ সৈতে যোগাযোগ স্থাপন কৰিব নোৱাৰি অৱশেষত উপায়ন্তৰ হৈ তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ দিছপুৰ থানাত উপস্থিত হয় ভুক্তভোগীজন।

ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে। অৱশ্যে, এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ আনুষ্ঠানিক বক্তব্য বা পৰৱৰ্তী পদক্ষেপৰ বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাষ্ট্ৰসংঘত পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ; জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি পুনৰ স্পষ্ট ঘোষণা ভাৰতৰ

জম্মু-কাশ্মীৰক লৈ ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে ভাৰতে। জম্মু-কাশ্মীৰ...

দিল্লী আৰক্ষীৰ হাতত আটক মমতা বেনাৰ্জী, প্ৰিজন ভেনত বহি গালে ‘জাগো দুৰ্গা’

দিল্লীত আটক কৰা হ’ল পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা...

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস: কিদৰে যত্ন ল’ব মানসিক স্বাস্থ্যৰ?

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। বিশ্বজুৰি মানসিক স্বাস্থ্য সম্পৰ্কে...

বিশ্ব মঞ্চত অসমৰ আৰক্ষী জোৱানৰ চমক! লন বাউলছত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত কৰিলে পুতুল সোণোৱালে

বিশ্ব বাউলছ চেম্পিয়ন অৱ চেম্পিয়নছ প্ৰতিযোগিতাত ইতিহাস সৃষ্টি কৰিছে...