লটাৰীত ব্ৰিজা বাহন পোৱাৰ খবৰ, গুৱাহাটীলৈ আহি বিপাঙত কৰিমগঞ্জৰ লোক! ফোন বন্ধ কৰি দিলে খবৰ দিয়া লোকে, অৱশেষত আৰক্ষীৰ কাষ চাপিল ভুক্তভোগীয়ে

অনলাইনযোগে লটাৰীৰ টিকট ক্ৰয় কৰি বিপাঙত পৰিল কৰিমগঞ্জৰ এজন লোক। ২৫০ টকা ব্যয় কৰি তিনিটা লটাৰীৰ টিকট ক্ৰয় কৰাৰ পাছত এখন ব্ৰিজা বাহন লাভ কৰা বুলি খবৰ পোৱা লোকজনে এতিয়া সংশ্লিষ্ট ব্যক্তিৰ সৈতে যোগাযোগ কৰিব নোৱাৰি সমস্যাত পৰিছে। ঘটনাক কেন্দ্ৰ কৰি অভিযোগ দাখিলৰ বাবে দিছপুৰ থানাত উপস্থিত হয় ভুক্তভোগী সুবিৰ ৰঞ্জন দাস।

প্ৰাপ্ত অভিযোগ অনুসৰি, কাহিলীপাৰাৰ সঞ্জয় দাস নামৰ এজন ব্যক্তিয়ে অনলাইনযোগে সুবিৰ ৰঞ্জন দাসক লটাৰীৰ তিনিটা টিকট যোগান ধৰিছিল। এই তিনিটা টিকটৰ বাবদ সুবিৰ ৰঞ্জনে ২৫০ টকা আদায় দিছিল। অহা ৮ অক্টোবৰত লটাৰীৰ খেল অনুষ্ঠিত হ’ব বুলি তেওঁক জনোৱা হৈছিল।

অভিযোগ অনুসৰি, পৰৱৰ্তী সময়ত সঞ্জয় দাসে ফোনযোগে সুবিৰ ৰঞ্জনক এখন ব্ৰিজা বাহন লাভ কৰা বুলি জনায়। এই খবৰ লাভ কৰাৰ পাছতে সুবিৰ ৰঞ্জনে বাহনখন লাভ কৰাৰ আশাত গুৱাহাটীত দুদিন ধৰি বাহৰ পাতি থকা বুলি জানিব পৰা গৈছে।

কিন্তু পৰৱৰ্তী সময়ত সঞ্জয় দাসে ফোন ধৰিবলৈ এৰি দিয়াত বিপাঙত পৰে সুবিৰ ৰঞ্জন। সঞ্জয়ৰ সৈতে যোগাযোগ স্থাপন কৰিব নোৱাৰি অৱশেষত উপায়ন্তৰ হৈ তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ দিছপুৰ থানাত উপস্থিত হয় ভুক্তভোগীজন।

ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে। অৱশ্যে, এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ আনুষ্ঠানিক বক্তব্য বা পৰৱৰ্তী পদক্ষেপৰ বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানীৰ পৰা হেকাৰে চুৰি কৰিলে ৬.৩ বিলিয়ন ডলাৰ মূল্যৰ ক্ৰিপ্ট’কাৰেন্সী

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী এক্সচেঞ্জ কোম্পানী Binanceত সংঘটিত হৈছে বৃহৎ...

উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ ৬জন যাত্ৰী সন্ধানহীন

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত হৈছে এক ভয়ংকৰ...

কেদাৰনাথত ছাৰা আলী খানৰ পূজা-অৰ্চনাক লৈ বিতৰ্ক, ফতোৱা জাৰি ইছলামিক ধৰ্মগুৰুৰ

বলীউড অভিনেত্ৰী ছাৰা আলী খানৰ কেদাৰনাথ মন্দিৰ দৰ্শনক লৈ...

গুৱাহাটী হোটেল হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ ৰহস্যজনক আচৰণ! সাউকুচিৰ ভাড়াঘৰৰ পৰা উদ্ধাৰ ঋণ আৰু ব্যৱসায়ৰ নথি

গুৱাহাটীস্থিত হোটেল বিলাস ইনত সংঘটিত পাঁচজন লোকৰ হত্যাকাণ্ডৰ অভিযুক্ত...