গোলাঘাট জিলাতো লকডাউন হোৱাৰ সম্ভাৱনা!

গুৱাহাটী, ২২ জুন, NKTV: সমগ্ৰ দেশতেই অব্যাহত কৰ’না মহামাৰীৰ সংহাৰীৰূপ। কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে দেশৰ লাখ লাখ লোকৰ। ইয়াৰ সমান্তৰালভাৱে অসমতো অব্যাহত আছে কৰ’না মহামাৰীৰ সন্ত্ৰাস। যদিও কৰ’নাৰ লগত যুঁজ দিবলৈ সাজু হৈ উঠিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। ইতিমধ্যে কৰ’নাৰ তৃতীয় ঢৌক লৈ সষ্টম ৰাজ্যৰ স্বাস্থ্য বিভাগ। আজি বোকাখাত নাট্যমন্দিৰত ক’ভিড প্ৰতিষেধক টিকাকৰণ কেন্দ্ৰ পৰ্যবেক্ষণ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। টিকাকৰণ কেন্দ্ৰ পৰ্যবেক্ষণ কৰাৰ সময়ত সাংবাদিকৰে হোৱা সাক্ষাতকাৰত কেতবোৰ কথা সদৰি কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীজনে। ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত পেডিয়েট্ৰিক আই চি ইউ নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰা হৈছে বুলি সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ৰাজ্যৰ সৰহ সংখ্যক ঠাইতেই ইতিমধ্যে পেডিয়েট্ৰিক আই চি ইউ নিৰ্মাণৰ কাম সম্পূৰ্ণও হৈ উঠিছে বুলিও তেওঁ জানিবলৈ দিয়ে। তদুপৰি প্ৰতিখন জিলাত থকা চিকিৎসালয় সমূহতো এতিয়া পেডিয়েট্ৰিক আই চি ইউ নিৰ্মাণৰ কাম আৰম্ভ হৈ গৈছে বুলি কেশৱ মহন্তই জানিবলৈ দিয়ে। বৰ্তমান ৰাজ্যৰ চিকিৎসালয় সমূহত পৰ্যাপ্ত পৰিমাণে অক্সিজেন মজুত আছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। ইফালে অহা বৃহস্পতিবাৰে বিয়লি ৩ বজাত মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰে কেশৱ মহন্তই। তেওঁ আওপকীয়াকৈ গোলাঘাট জিলাতো লকডাউন হোৱাৰ সম্ভাৱনাৰো ইংগিত প্ৰকাশ কৰিছে। এতিয়াৰে পৰা ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পত্নীয়ে মুখ্যমন্ত্ৰীৰ বিশেষ আচঁনিৰ জৰিয়তে লাভ কৰিব আঢ়ৈ লাখ টকাৰ সাহায্য। এই কথা সদৰি কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...