১৬ আগষ্টৰ পৰা আমেৰিকাৰ টেক্সাছত অনুষ্ঠিত হ’ব লিজেণ্ডছ মহাদেশীয় টি-২০ ক্ৰিকেট লীগ

প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ভূমিত পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ সফলতাৰে অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ যুক্তৰাষ্ট্ৰত আন এখন ৰোমাঞ্চকৰ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ অহা ১৬ আগষ্টৰ পৰা আমেৰিকাৰ টেক্সাছত অনুষ্ঠিত হ’ব লিজেণ্ডছ মহাদেশীয় টি-২০ ক্ৰিকেট লীগ৷ ইতিমধ্যে প্ৰতিযোগিতাখনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে৷ গ্ৰেম শ্বোৱান, তিলকৰত্নে ডিলশ্বান, লিয়াম প্লাংকেটৰ দৰে প্ৰাক্তন আন্তৰ্জাতিক তাৰকা ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব লগা এই লীগখন আমেৰিকাৰ টেক্সাছৰ মুছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ লীগৰ ফাইনেল খেল অনুষ্ঠিত হ’ব ২৮ আগষ্টত।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰচিড স্প’ৰ্টছ মেনেজমেণ্ট প্ৰাইভেট লিমিটেডে আয়োজন কৰা লিজেণ্ডছ মহাদেশীয় টি-২০ ক্ৰিকেট লীগৰ উদ্বোধনী ছিজনৰ অন্যতম প্ৰমোটাৰ হিচাপে যোগ দিছে জুন গ্ৰুপৰ প্ৰতিষ্ঠাপক মোহিত জুনে৷ এই সন্দৰ্ভত মোহিতে কয়, ‘মই এই ক্ৰিকেট লীগত প্ৰমোটাৰ হিচাপে যোগদান কৰি উৎসাহিত হৈছো৷ এনে এটা অনুষ্ঠান আয়োজন আৰু প্ৰশাসন কৰাটো এক অবিশ্বাস্য সুযোগ আৰু মই বিশ্বব্যাপী অনুৰাগীৰ সংখ্যা গঢ়ি তুলিবলৈ আগ্ৰহী।

ইফালে, মোহিতক আদৰণি জনাই লিজেণ্ডছ মহাদেশীয় টি-২০ৰ চি অ’ অ’ আৰু চেয়াৰমেন অৰুণ পাণ্ডেই কয়, ‘জুনক এল আই টি-২০ পৰিয়াললৈ আদৰণি জনাই আমি ৰোমাঞ্চিত হৈছো৷ উদ্বোধনী ছিজনৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে৷ সফল টি-২০ বিশ্বকাপে আমেৰিকাৰ দৰ্শকৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে৷ আমি এল আই টি-২০১ সহায়ত ইয়াক অধিক সক্ৰিয় কৰাৰ লক্ষ্য ৰাখিছো আৰু ক্ৰিকেটক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাটো আমাৰ চলিত যাত্ৰাৰ বাবে অতি প্ৰয়োজনীয়৷’

উল্লেখ্য যে টেক্সাছৰ মুছা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া লিজেণ্ডছ মহাদেশীয় টি-২০ত একক ৰাউণ্ড ৰবিন পদ্ধতিৰে খেল অনুষ্ঠিত হ’ব, য’ত শীৰ্ষ চাৰিটা দলে নকআউট পৰ্যায়লৈ আগবাঢ়িব৷ প্ৰতিযোগিতাখনত প্ৰতিদিনে দুখনকৈ খেল অনুষ্ঠিত হ’ব৷ দৰ্শকে মুঠ ২৪ খন মেচৰ ৰোমাঞ্চ ল’ব পাৰিব৷ উদ্বোধনী বৰ্ষৰ প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ কিংবদন্তি ক্ৰিকেটৰ অন্তভুক্তিৰে ইণ্ডো কিংছ, এছিয়ান এভেঞ্জাৰ্ছ, ইউৰো ৰেঞ্জাৰ্ছ, আমেৰিকান মেভেৰিক্স, ট্ৰেন্স-টাছমেন টাইটানছ, আফ্ৰিকান লায়ন্স আৰু কেৰিবিয়ান ভাইকিংছসহ মুঠ সাতটা দলে লীগত প্ৰতিদ্বন্দ্বিতা কৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...