মৰুভূমি হৈ পৰিব নেকি মহাবাহু ব্ৰহ্মপুত্ৰ? অস্বাভাৱিকভাবে শুকাইছে বৰলুইত

উদ্বেগজনকভাবে হ্রাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ঢকুৱাখনাত তৰাং হৈ পৰিছে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ বুকু। সৃষ্টি হৈছে মৰুভূমি সদৃশ পৰিৱেশৰ। ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত নৈখন প্রত্যক্ষ কৰিলে দৃশ্যমান হয় কেৱল বালিময় পৰিৱেশ৷ বিশাল এলেকাত বাৰিষাৰ দিনত সাগৰসদৃশ পৰিৱেশে বিৰাজ কৰাৰ বিপৰীতে খৰালিত মৰুভূমিসদৃশ পৰিবেশে বিৰাজ কৰিছে। মাত্ৰাধিক হাৰত ব্ৰহ্মপুত্ৰৰ বুকুত সৃষ্টি হৈছে বালিচৰ, গজিছে ঘাঁহ-বন৷ পূৰ্বতে যি স্থানত চলিছিল নাও সেই স্থানত এতিয়া চলিছে যান-বাহন। নৈৰ বুকুত নিৰ্মাণ কৰা হৈছে ৮ কিলোমিটাৰ দূৰত্বলৈকে অস্থায়ী পথ। অস্বাভাৱিক হাৰত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ শুকাই যোৱা দেখি চিন্তিত স্থানীয় ৰাইজ৷ নৈপৰীয়া পশু পালকৰ লগতে মৎস্যজীৱীলৈও নামি আহিছে অন্ধকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...