পিঠিৰ বিষৰ পৰা কেনেকৈ উপশম পাব?

অতিমাৰীৰ হেতুকে সকলোৱে বৰ্তমান ডিজিটেল মাধ্যমৰ ওপৰত নিৰ্ভৰশীল। পঢ়াশুনাৰ পৰা বজাৰ সমাৰলৈকে সকলো ক্ষেত্ৰতে আপুনি ব্যৱহাৰ কৰিবলগা হয় মোবাইল অথবা কম্পিউটাৰৰ পৰ্দা। ফলত কমি আহিছে মানুহৰ কায়িক শ্ৰম। তদুপৰি বহুতেই সময়ৰ নাটনিৰ বাবে শৰীৰ চৰ্চা কৰাৰ পৰাও বিৰত থকা হৈছে। ইয়াৰ ফলত বৃদ্ধি পাইছে পিঠিৰ বিষৰ সমস্যা। প্ৰায় সকলো বয়সৰ লোকৰ মাজতেই এই সমস্যাই বৰ্তমান সময়ত ব্যাপক মাত্ৰাত বৃদ্ধি হোৱা দেকা গৈছে। ৯০ শতাংশ মানুহৰে পিঠিৰ বিষৰ মূল কাৰণ- একে ঠাইতে বহি থকা। গতিকে এই সমস্যাৰ পৰা তাত্ক্ষণিক পৰিত্ৰাণৰ বাবে আছে কিছু ফলপ্ৰসূ উপায়। প্ৰথমেই যদি আপোনাৰ পিঠিৰ বিষ হৈছে তেন্তে শোৱাৰ সময়ত গাৰুৰ ব্যৱহাৰ কমাবলৈ চেষ্টা কৰক। নিয়মিত শৱাসন, ভূজঙ্গাসন, মকৰাসনৰ দৰে যোগাভ্যাস কৰিলেও এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। অফিচত একে ঠাইতে বহুসময় ধৰি বহি নাথাকিব। তাৰোপৰি খোজকাঢ়িব পাৰে, নিয়মীয়াকৈ খোজকঢ়াটো ভাল অভ্যাস। পৰাপক্ষত মাজে সময়ে চাইকেল আৰোহণৰ আনন্দ লওক। দৈনিক পুৱা সূৰ্যৰ ৰশ্মি গাত ললেও পৰ্যাপ্ত ভিটামিনে এনে সমস্য়াৰ পৰা দূৰৈত ৰখাত বহুপৰিমাণে সহায় কৰে। ঠাণ্ডাৰ দিনত জুইৰ উত্তাপেও কাৰ্যক্ষম কৰি ৰাখে আপোনাৰ পিঠিৰ হাড় তথা মাংসপেশীসমূহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধাৰাসাৰ বৰষুণৰ মাজতে সকলো বিদ্যালয় বন্ধ ঘোষণা প্ৰশাসনৰ

বিগত কেইবাদিনো ধৰি উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত অব্যাহত আছে মুষলধাৰ বৰষুণ।...

ছেপ্টেম্বৰত গুৱাহাটীত APCCৰ উদ্যোগত বিশাল যুৱ সন্মিলনৰ আয়োজন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আগন্তুক ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত...