ক’ভিডৰ সংক্ৰমণ, এইবাৰ বন্ধ ৩০খন বিচনাযুক্ত চিকিৎসালয়

বিদ্যালয়ে-বিদ্যালয়ে, কলেজে কলেজে ক’ভিড সংক্ৰমণৰ পিছত এইবাৰ গুৰুতৰ ৰূপ ধাৰণ কৰিছে হাস্পতালত। ভয়াৱহ ক’ভিড সংক্ৰমণৰ বাবে বকলীয়াঘাটৰ ৩০খন বিচনাযুক্ত চিকিৎসালয় বন্ধ কৰি ৰখা হৈছে৷ চিকিৎসালয়খনৰ অধীক্ষককে ধৰি মুঠ ৯জন চিকিৎসক, বিষয়া-কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হৈছে৷ কেৱল জৰুৰীকালীন সেৱাৰে দুজন চিকিৎসকে সেৱা আগবঢ়াই থকাত দুৰণিবটীয়া ৰোগীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ চিকিৎসালয়খনত কভিডৰ ত্ৰাসত শূন্য হৈ পৰিছে ৰোগীৰ সংখ্যা৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাইজেকৰ ভাবুকিৰ পিছতে ফ্ৰেংকফুৰ্টৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান জয়পুৰলৈ ডাইভাৰ্ট

হাইজেকৰ ভাবুকিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নিৰাপত্তাজনিত পৰিস্থিতিৰ মাজতে...