মৰুভূমি হৈ পৰিব নেকি মহাবাহু ব্ৰহ্মপুত্ৰ? অস্বাভাৱিকভাবে শুকাইছে বৰলুইত

উদ্বেগজনকভাবে হ্রাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ঢকুৱাখনাত তৰাং হৈ পৰিছে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ বুকু। সৃষ্টি হৈছে মৰুভূমি সদৃশ পৰিৱেশৰ। ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত নৈখন প্রত্যক্ষ কৰিলে দৃশ্যমান হয় কেৱল বালিময় পৰিৱেশ৷ বিশাল এলেকাত বাৰিষাৰ দিনত সাগৰসদৃশ পৰিৱেশে বিৰাজ কৰাৰ বিপৰীতে খৰালিত মৰুভূমিসদৃশ পৰিবেশে বিৰাজ কৰিছে। মাত্ৰাধিক হাৰত ব্ৰহ্মপুত্ৰৰ বুকুত সৃষ্টি হৈছে বালিচৰ, গজিছে ঘাঁহ-বন৷ পূৰ্বতে যি স্থানত চলিছিল নাও সেই স্থানত এতিয়া চলিছে যান-বাহন। নৈৰ বুকুত নিৰ্মাণ কৰা হৈছে ৮ কিলোমিটাৰ দূৰত্বলৈকে অস্থায়ী পথ। অস্বাভাৱিক হাৰত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ শুকাই যোৱা দেখি চিন্তিত স্থানীয় ৰাইজ৷ নৈপৰীয়া পশু পালকৰ লগতে মৎস্যজীৱীলৈও নামি আহিছে অন্ধকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...