গেম ভিলেজৰ হোমষ্টেত নিশা চলিছিল নেকি অনৈতিক কাৰ্যকলাপ? ঘটনা সন্দৰ্ভত আটকাধীন যুৱককেইজনে খুলিছে মুখ

হোমষ্টেৰ নামত গুৱাহাটীত চলিছে কি? নিশা গুৱাহাটীৰ গেম ভিলেজত বশিষ্ঠ আৰক্ষীৰ অভিযান। অভিযানত এটা হোমষ্টেৰ পৰা অসংযত অৱস্থাত উদ্ধাৰ ১১ যুৱক-যুৱতীক। A-15 ব্লকৰ ৪নং ফ্লেটত চলি আছিল অনৈতিক কাৰ্য-কলাপ। প্ৰতিবেশীয়ে দিয়া অভিযোগৰ ভিত্তিত অভিযান চলিছিল আৰক্ষীৰ। দীৰ্ঘদিন ধৰি হোমষ্টেটোত অনৈতিক কাৰ্যকলাপ চলি থকাৰো অভিযোগ উত্থাপন কৰিছে একাংশই। অতিষ্ঠ হৈ প্ৰতিবেশীয়ে অৱশেষত অভিযোগ দিছিল আৰক্ষীক। গেম ভিলেজৰ হোমষ্টেটোত নিশা চলে আৰক্ষীৰ অভিযান। বৰ্তমান বশিষ্ঠ থানত ৰখা হৈছে যুৱককেইজনক। যুৱতীকেইগৰাকীক জালুকবাৰীৰ এটা গৃহত ৰখাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।

আনফালে ঘটনাৰ পিছতেই মুখ খুলিছে আটকাধীন যুৱককেইজনে। আজি পুৱাৰ ভাগত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমত যুৱককেইজনে কৰে কেতবোৰ মন্তব্য। তেওঁলোকে কয় যে, ‘আমি একো কৰা নাছিলো, আমি বহিহে আছিলো…’ লগতে আন কেতবোৰো মন্তব্য কৰে যুৱককেইজনে। কি কি ক’লে তেওঁলোকে? সবিশেষ চাওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...