সম্পত্তিৰ লালসাতে ২কণমানিক হত্যা কৰিলে ককায়েক নীৰজ শৰ্মাই?

প্ৰসংগঃ ওদালগুৰিত ২ শিশুক ডিঙি কাটি হত্যা। সময় বাগৰাৰ লগে লগে চাঞ্চল্যকৰ ঘটনাক লৈ পোহৰলৈ আহিছে ন ন তথ্য। সম্পত্তিকেন্দ্ৰিক লোভতে এই ঘটনাৰ সন্দেহ। কিছুদিন পূৰ্বে অভিযুক্তৰ বায়েকে ভাবুকি দিছিল পৰিয়ালক। আৰক্ষীয়ে জব্দ কৰিছে অভিযুক্তৰ ম’বাইল। ম’বাইলৰ হোৱাটছএপত ডিলিট কৰা মেছেজ লাভ আৰক্ষীৰ। ম’বাইলত অডিঅ’ কলৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ।

শুকুৰবাৰে পুৱা পুৱা দুই কিশোৰ ওলাই গৈছিল স্কুললৈ। পিছে পিছে মোমায়েকৰ বাইক লৈ গৈছিল তেওঁলোকৰ সতীয়া ভাতৃ নীৰজ শৰ্মা। আদবাটৰ পৰা বাইকত উঠাই লৈছিল ২ ভায়েকক। ২ ভায়েকক পোনে পোনে লৈ গৈছিল হত্যাকাণ্ড সংঘটিত কৰা স্থানলৈ। তাতে দুয়োকে হত্যা কৰিছিল নীৰজে। তাৰ পিছত তেজ লগা কাপোৰবোৰ ৰাখিছিল মোমায়েকৰ ঘৰত। মোমায়েকৰ ঘৰতে ৰাখিছিল হত্যাকাণ্ডত ব্যৱহৃত ডেগাৰখন। গা ধুই পুনৰ পিতৃৰ লগত দুই ভায়েকক বিচাৰি ফুৰিছিল নীৰজে। সকলো আৰক্ষীৰ আগত স্বীকাৰ কৰিছে নীৰজে। শনিবাৰে পুৱা এগৰাকী মহিলাই কচু কাটিবলৈ গৈ দেখিছিল মৃতদেহ দুটা। আৰক্ষী গৈ তদন্ত আৰম্ভ কৰিছিল ঘটনাৰ। ঘটনা সন্দৰ্ভত প্ৰায় ১০জনক সোধাপোছা আৰক্ষীৰ। নীৰজক জেৰা কৰাত সন্দেহ উপজিছিল আৰক্ষীৰ। কথাৰ উলট-পালট হৈছিল নীৰজৰ। ইজনৰ পিছত সিজন আৰক্ষী বিষয়াই জেৰা কৰাত সমগ্ৰ কথা স্বীকাৰ কৰে নীৰজে। নীৰজৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে বহু তথ্য প্ৰমাণ। আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব ২ কিশোৰৰ মৃতদেহৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...