মুম্বাইৰ হিট এণ্ড ৰান কাণ্ডৰ পাৰ্শ্বক্ৰিয়া

মুম্বাইৰ হিট এণ্ড ৰান কাণ্ডৰ পাৰ্শ্বক্ৰিয়া। সিন্দে সেনাৰ নেতা ৰাজেশ শ্বাহৰ পুত্ৰই দুৰ্ঘটনাৰ পূৰ্বে সময় পাৰ কৰিছিল মুম্বাইৰ জুহুৰৰ এখন বাৰত। দুৰ্ঘটনা সংঘটিত কৰি ৭২ ঘণ্টা পলাই থকাৰ পিছত গ্ৰেপ্তাৰ হ’ল ৰাজেশ শ্বাহৰ পুত্ৰ মিহিৰ শ্বাহ। মঙলবাৰে সাহপুৰ এলেকাৰ পৰা মিহিৰক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। মূল অভিযুক্ত মিহিৰ শ্বাহৰ গ্ৰেপ্তাৰৰ পিছতে বুলডজাৰ চলিল চাৰি বন্ধুৰে মিহিৰে সুৰাপান কৰা বাৰত। বুধবাৰে পুৱাই আৰম্ভ হ’ল অভিযান।

ঘটনাক লৈ কঠোৰ স্থিতি লোৱা হ’ব বুলি কোৱা মুখ্যমন্ত্ৰী একনাথ সিন্দেই ঘোষণা কৰাৰ পিছত প্ৰশাসন সক্ৰিয় হৈ পৰিলেও বিৰোধীয়ে ইয়াক নাটক বুলিহে আখ্যা দিছে। শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ অভিযোগ, ‘শিৱসেনাৰ সিন্দে গোটৰ সেনাৰ নেতাৰ পুত্ৰক বচোৱাৰ চেষ্টা চলিছে। ড্ৰাগছৰ নিচাত থকা অভিযুক্তক ৩ দিন লুকুৱাই ৰখা হৈছিল।’ মহাৰাষ্ট্ৰ আৰক্ষীৰ ওপৰতো সন্দেহ সঞ্জয় ৰাউতৰ।

ইফালে বুধবাৰে দুৰ্ঘটনাৰ মূল অভিযুক্ত মিহিৰ শ্বাহক বুধবাৰে মুম্বাই আদালতত হাজিৰ কৰোৱা হয়। ১৬ জুলাইলৈ আৰক্ষীৰ জিম্মাত দিয়া হৈছে মিহিৰক। মিহিৰে আৰক্ষীৰ জেৰাত দুৰ্ঘটনাৰ সময়ত গাড়ী চলোৱাৰ কথা স্বীকাৰ কৰিছে যদিও সুৰাপান কৰাৰ কথা স্বীকাৰ কৰা নাই। কিন্তু প্ৰশ্ন উঠিছে, বাৰত ১৮ হাজাৰ টকাৰ বিল কিদৰে উঠিল?

এই সন্দৰ্ভতো আৰক্ষীয়ে চলাই আছে তদন্ত। আনহাতে পুত্ৰক আদালতত হাজিৰ কৰাৰ পূৰ্বে দুৰ্ঘটনাৰ প্ৰমাণ নষ্ট কৰাৰ চেষ্টা চলোৱাৰ অভিযোগত অভিযুক্ত ৰাজেশ শ্বাহে লাভ কৰিলে জামিন। মুম্বাইৰ এই হিট এণ্ড ৰান কাণ্ডই তোলপাৰ লগাইছে দেশ। বিপদত পৰিছে একনাথ সিন্দেও। পৰিস্থিতি উদ্বেগজনক হৈ পৰাত একনাথ সিন্দেৰ শিৱসেনাৰ পৰা নিলম্বন কৰা হৈছে ৰাজেশ শ্বাহক।

দেওবাৰে কাহিলি পুৱাতে প্ৰদীপ নাকভাৰ নামৰ লোকজনে পত্নীক লৈ স্কুটাৰেৰে হৈ থকা অৱস্থাতে মুম্বাইৰ ৱাৰ্লিত মিহিৰ শ্বাহে BMW গাড়ীৰে মহটিয়াই নিছিল নাকভাৰ দম্পতিক। প্ৰায় ডেৰ কিলোমিটাৰ চোচৰাই নিয়াৰ ফলত মৃত্যু হয় কাবেৰী নাকভাৰ নামৰ মহিলাগৰাকীৰ। কথমপি প্ৰাণৰক্ষা পৰে প্ৰদীপ নাকভাৰৰ। ঘটনাস্থলীৰ পৰা পলায়ন কৰে প্ৰভাবশালী নেতাৰ পুত্ৰই। অৱশেষত এজন বন্ধুৱে ফোন অন কৰাৰ লগে লগে জালত কৰিল ঘাতক মিহিৰ শ্বাহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...