পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য তথা প্ৰধান বনাঞ্চল কাজিৰঙা বনাঞ্চল। কাজিৰঙা বনাঞ্চলৰ মূল প্ৰৱেশদ্বাৰত মাংগলিক অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেবিনেট মন্ত্ৰী অতুল বৰা, কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাচায়ে। অনুষ্ঠানত গোলাঘাট জিলাৰ আয়ুক্ত, গোলাঘাট জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক, কাজিৰঙাৰ সঞ্চালক সোনালী ঘোষ উপস্থিত থাকে। ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ বাট পথ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাত আজিৰে পৰা কাজিৰঙা বনাঞ্চলত মুকলি কৰা হ’ল হাতী ছাফাৰীৰ লগতে জীপ ছাফাৰী।

২০২৪-২৫ পৰ্যটন বৰ্ষৰ প্রথম দিনাই কাজিৰঙা বনাঞ্চলত পৰ্যটকৰ ভিৰ। ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল প্ৰথমে আংশিকভাৱে মুকলি কৰা হয়। ইফালে দলং নিৰ্মাণ কৰি থকাৰ বাবে কঁহৰা বনাঞ্চল মুকলি কিছু দিন পলম হৈছিল।

কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাচায়ে কুঁহিয়াৰ, কল খোৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হস্তী বাহিনীক। ইফালে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দিনক দিনে আকৰ্ষণ বৃদ্ধি হোৱাৰ লগতে বিগত বর্ষ সমূহৰ সকলো ৰেকৰ্ড ভংগ কৰি এইবাৰ পৰ্যটকৰ সংখ্যাত দেশৰ প্ৰথম হোৱাৰ লক্ষ্য বুলি মন্তব্য মন্ত্ৰী অতুল বৰাই ।

উল্লেখ্যে যে উদ্যান মুকলিৰ লগত সংগতি ৰাখি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উদ্যান কৰ্তৃপক্ষই। ২০২৪-২৫ পৰ্যটন বৰ্ষৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ পাছতে উদ্যানখনত এইবাৰো দেশী-বিদেশী পৰ্যটকৰ আগমন বাঢ়িব বুলি আশা কতৃপক্ষৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...