তৃতীয় পক্ষৰ উচতনিত হেনো সংঘটিত হৈছিল বগীঢলা কাণ্ড!

গোলাঘাটৰ বগীঢলা চাহ বাগিছা মনত আছেনে? শ্ৰমিক-মালিকপক্ষৰ সংঘাতে লৈছিল চৰম ৰূপ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা হৈছিল সৰৱ। সুদীৰ্ঘ ৭ বছৰৰ মূৰত পুনৰ চৰ্চালৈ আহিছে বাগিছাখন।

চাহ বাগিছা বুলিলেই এক সেউজ পৰিৱেশ আৰু সহজ সৰলভাৱে জীৱন নিৰ্বাহ কৰা লশ্মি-বুধুৱা, মংগ্লু-ফাগ্লু অথবা দেওধৰহঁতৰ কথাই সাধাৰণতে অসমীয়া সমাজে বুজে। কিন্তু এই সৰলতাখিনিৰ মাজতে কেতিয়াবা সংঘাত আহে। মালিকপক্ষৰ সৈতে যদি শ্ৰমিকৰ কেতিয়াবা সংঘাত হয়, কেতিয়াবা সংঘাত সৃষ্টি কৰে তৃতীয় পক্ষই। সম্প্ৰতি বগীঢলা চাহ বাগিছাৰ তেনে এক সংঘাতৰ কাহিনীয়েই সোঁৱৰাব বিচাৰিছোঁ। বিষয় আদালতৰ বিচাৰাধীন। সেয়ে কিছু কথাত আমি মাত দিব নোৱাৰোঁ। তথাপিও কিয় চৰ্চাত আহিছে বগীঢলা?

ৰাজ্য কপোৱা বগীঢলা চাহ বাগিচাৰ ঘটনাৰ ৰায়দান আহিছে। ঐতিহাসিক ৰায়দান প্ৰদান ডিব্ৰুগড় শ্ৰম আদালতৰ। সংবাদ মাধ্যমৰ আগত মুখ খুলিলে পৰিচালক সুধীৰ কুমাৰ ৰয়ে। তৃতীয় পক্ষৰ উচতনিত হেনো সংঘটিত হৈছিল বগীঢলা কাণ্ড!

২০১৭ চনৰ ১৩ ডিচেম্বৰ। হঠাৎ গোলাঘাটৰ বগীঢলা চাহ বাগিচাৰ সঞ্চালকৰ বাংলোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হল! বোনাচ আৰু অন্যান্য সা-সুবিধাৰ দাবীৰে একাংশ শ্ৰমিকে ঘেৰাও কৰে সঞ্চালকৰ বাংলো। বহি থকা অৱস্থাৰ পৰা চোঁচৰাই আনি মাৰপিট কৰাৰ অভিযোগ সঞ্চালক তথা অন্যতম স্বত্বাধিকাৰী সুধীৰ কুমাৰ ৰয়ক।

ঘটনা নিয়ন্ত্ৰণত সেই সময়ত চূড়ান্ত ব্যৰ্থ হৈছিল তদানীন্তন নুমলীগড় আৰক্ষী। আৰক্ষীৰ সমুখতেই একাদিক্ৰমে ঘটি গৈছিল হিংসাত্মক ঘটনা। গুলী চলিছিল। অভিযোগ অনুসৰি ট্ৰিগাৰত হাত আছিল সুধীৰ ৰয়ৰ। গুলিচালনাৰ ঘটনা সন্দৰ্ভত আদালতত চলি আছে গোচৰ। সমগ্ৰ ঘটনাক এক নিয়ন্ত্ৰণলৈ আনিবলৈ বাগিচা কৰ্তৃপক্ষই একাদিক্ৰমে দুবাৰকৈ ঘোষণা কৰিছিল লক-আউট! একাংশ শ্ৰমিকৰ দাবী, লক আউটৰ সময়চোৱাত শ্ৰমিকসকলক দিব লাগে মজুৰি আৰু অন্যান্য সুবিধা। যাৰ ফলত লক আউট উঠাই লোৱাৰ পাছতো কাম কৰিবলৈ আগবাঢ়ি নাহিল কোনো শ্ৰমিক। শেহতীয়াকৈ আদালতে দিছে ৰায়।

বাগিচা কৰ্তৃপক্ষই ঘোষণা কৰা দ্বিতীয় লক আউটক সম্পূৰ্ণ যুক্তি সংগত। কোনো শ্ৰমিক কাম কৰিবলৈ আগবাঢ়ি নহাটো যুক্তিহীন। লক আউটৰ সময়ত কোনো শ্ৰমিকে নাপাব মজুৰি। আদালতৰ এই ৰায়দানৰ পাছত অৱশেষত সংবাদ মাধ্যমৰ সন্মুখীন হ’ল স্বত্বাধিকাৰী সুধীৰ কুমাৰ ৰয়। তেওঁৰ মতে চাহ শ্ৰমিকক উচতনি দি আহিছে তৃতীয় পক্ষই।

সাধাৰণ চাহ শ্ৰমিকক ভয় ভাবুকিৰে কাম কৰিবলৈ আগবাঢ়ি অহাৰ পৰা আঁতৰাই ৰাখিছে এচামে! কোনোবাই কাম কৰিব বিচাৰিলে তেওঁক মাৰপিট বা অত্যাচাৰ কৰাৰো বিস্ফোৰক অভিযোগ অন্যতম স্বত্বাধিকাৰী সুধীৰ কুমাৰ ৰয়ৰ।

আনহাতে,এচামে চাহ বাগিচাত অবৈধ ৰাজত্ব চলোৱাৰো অভিযোগ স্বত্বাধিকাৰীগৰাকীৰ। বাগিচাৰ গছ-গছনি কাটি, পাত চিঙি বিক্ৰী কৰাৰো উঠিছে অভিযোগ। যাৰ প্ৰমাণ নিজ কেমেৰাত বন্দী কৰিও ৰাখিছে স্বত্বাধিকাৰীগৰাকীয়ে।

ইপিনে,সমগ্ৰ অভিযোগ একেমুখে খণ্ডন বাগিচাৰ শ্ৰমিকৰ। চৰকাৰী হস্তক্ষেপত দুয়োপক্ষৰ মাজত এক মীমাংসাৰ আশা বাগিচাৰ শ্ৰমিকসকলৰ। আন আন বাগিচাৰ দৰেই পৰ্যাপ্ত সুবিধাৰ আশ্বাস পালেই পুনৰ বাগিচাত কাম কৰিবলৈ ইচ্ছুক শ্ৰমিকসকল।

ইপিনে, বগীঢলা চাহ বাগিচা বন্ধ হোৱাৰ পাছৰে পৰা সমগ্ৰ অঞ্চলটোত হাতী-মানুহৰ সংঘাত। অসুবিধাত সাধাৰণ চাহ-শ্ৰমিক। বাগিচাখন পুনৰ আগৰ দৰে আৰম্ভ কৰাৰ পক্ষপাতী স্থানীয় একাংশ চাহ জনগোষ্ঠীয় লোক।

কৰ্তৃপক্ষ আৰু ১০১ গৰাকী শ্ৰমিকৰ গোচৰৰ ভিত্তিত আদালতৰ এই ঐতিহাসিক ৰায়দান আহিল। এতিয়া সৰ্বসন্মতিক্ৰমে পুনৰ আৰম্ভ হ’ব লাগে ঐতিহ্যমণ্ডিত বগীঢলা চাহ বাগিচা। বুজাবুজিৰে স্বাভাৱিকতা ঘুৰি আহিব লাগে বাগিচাখনত। কোনো তৃতীয় পক্ষৰ উচতনিয়েই হ‌ওক অথবা আৰক্ষীৰ ব্যৰ্থতাই হ‌ওক। ভুল বুজাবুজিৰে আৰম্ভ হোৱা এই ঘটনাৰ ওৰ পৰক। এয়ে আশা খাটি খোৱা শ্ৰমিকৰ।

Popular

More like this
Related

ফেব্ৰুৱাৰীত ফ্ৰান্সলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আগন্তুক ফেব্ৰুৱাৰী মাহত ফ্রান্স ভ্ৰমণলৈ যাব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ...

অবিবাহিত লোকৰ এখন গাঁও; ৫০বছৰ পূৰ্বে হৈছিল অন্তিমখন বিয়া

বিহাৰত উপযুক্ত দৰাৰ অভাৱ বুলি প্রায়ে শুনিবলৈ পোৱা যায়।...

আৰম্ভ হ’ল AIৰ ৰাজত্ব… চলিত বর্ষত আমেৰিকাত অনেকেই হেৰুৱাব কর্মসংস্থাপন

চলিত বর্ষটোত কৃত্রিম বুদ্ধিমত্তা (AI)ৰ দপদপনি চলিব। AIৰ বাবে...

৬৫জন বিধায়কৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮২৯ কোটি টকা

দিল্লীৰ বৰ্তমানৰ ৬৫জন বিধায়কৰ ৰিপ'ৰ্ট কার্ড প্রকাশ পাইছে। নির্বাচন...