চীন, ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি ল’ব ড’নাল্ড ট্ৰাম্পে

চীন, ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি ল’ব ড’নাল্ড ট্ৰাম্পে। ভাৰতৰ বিৰুদ্ধেও কঠোৰ হোৱাৰ ইংগিত ট্ৰাম্পৰ। BRICS অন্তৰ্ভুক্ত দেশৰ বিৰুদ্ধে ১০০ শতাংশ কৰ আৰোপৰ হুংকাৰ। কিয় হঠাৎ ড’নাল্ড ট্ৰাম্প কঠোৰ হৈছে ভাৰতসহ BRICSৰ দেশসমূহৰ বিৰুদ্ধে?

শেহতীয়া আন্তৰ্জাতিক প্ৰেক্ষাপটত BRICS সংগঠনৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে। BRICSৰ মূল ৫খন দেশৰ ভিতৰত আছে ব্ৰাজিল, ৰাছিয়া, চীন, দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰত। এই আন্তৰ্জাতিক সংগঠনৰে ইতিমধ্যে জড়িত হৈছে আন ২০খন দেশ। এই দেশকেইখনে BRICSৰ অধীনত একেলগে গ্ৰহণ কৰিছে আন্তৰ্জাতিক ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিব পৰা বহু গুৰুত্বপূৰ্ণ পদক্ষেপ।

BRICSৰ শেহতীয়া চিন্তা-চৰ্চাৰ ভিতৰত আছে মাৰ্কিন ডলাৰৰ এক বিকল্প মুদ্ৰা সৃষ্টি। ডলাৰক প্ৰত্যাহ্বান জনাই নতুন মুদ্ৰা প্ৰৱৰ্তনৰ যো-জা BRICSৰ
এই কাৰ্যই ক্ষুব্ধ কৰি তুলিছে যুক্তৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক
যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি ধ্বংস কৰিব খোজা কাৰ্য বুলি অভিহিত কৰিলে ট্ৰাম্পে।

অহা ২০ জানুৱাৰীত শপত ল’ব লগা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিজনে লগতে সকীয়াই দিছে যে ডলাৰৰ বিকল্প মুদ্ৰা প্ৰৱৰ্তনৰ পথত অধিক আগুৱালে BRICSৰ অন্তৰ্গত দেশসমূহৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আন্তৰ্জাতিক বানিজ্যৰ ক্ষেত্ৰত ডলাৰৰ বিকল্প মুদ্ৰাক কোনোপধ্যে গ্ৰহণ কৰা নহ’ব বুলিও তেওঁ হুংকাৰ দিয়ে। উল্লেখ্য যে যোৱা অক্টোবৰত ৰাছিয়াৰ কাজানত অনুষ্ঠিত শীৰ্ষ সন্মিলনত BRICSৰ অন্তৰ্গত দেশসমূহে ডলাৰৰ পৰিৱৰ্তে অন্য মুদ্ৰাৰে বানিজ্য বিনিময় কৰাৰ বাবে চিন্তা চৰ্চা কৰিছিল। অৱশ্যে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে ইতিমধ্যে জনাইছে ভাৰতে বিদেশী বানিজ্যত ডলাৰৰ বিকল্প মুদ্ৰা ব্যৱহাৰৰ বাবে কোনো সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...