পুনৰ স্ব-স্থানত প্ৰতিষ্ঠা ‘অগ্নিনাভ বাবা’ৰ বিগ্ৰহ

বিশ্বাস–অবিশ্বাসৰ দোমোজাতে বিতৰ্ক আৰু ব্যাপক চৰ্চাৰ মাজেৰে বিখ্যাত হৈ পৰা নাজিৰাৰ শিখা মজিন্দাৰ বৰুৱাৰ অগ্নিনাভ মন্দিৰত দেওবাৰে সৃষ্টি অভূতপূৰ্ব পৰিবেশৰ। চুৰি হোৱা মূল বিগ্ৰহ পুনৰ প্ৰতিষ্ঠাক লৈ সৃষ্টি হ’ল এই পৰিৱেশৰ। মন্দিৰৰ গৰাকীয়ে ডম্বৰু–তাল বজাই অগ্নিনাভ বাবাক পূজা আগবঢ়ালে। ডবা–কাঁহৰ ধ্বনিৰে ৰঝনজনাই গ’ল চৌপাশ।

মন্দিৰৰ গৰাকী শিখা মজিন্দাৰ বৰুৱাই প্ৰকাশ কৰিলে এয়া এক বেলেগ পৰিবেশ। বাবাই ভক্তৰ মৰম বিচাৰিয়ে বোলে এক পৰিস্থিতিৰ সৃষ্টি কৰিলে।

কিছুদিন পূৰ্বে ব্যপক চৰ্চাত থকা অগ্নিনাভ মন্দিৰ প্ৰসংগ আন কিছুমান ইছ্যুক লৈ তল পৰি আছিল। পিছে পুনৰ চৰ্চালৈ আহিল বিগ্ৰহ চুৰিৰ ঘটনাক লৈ। CCTVত বন্দী হৈছিল বিগ্ৰহ চুৰিৰ দৃশ্য। লগে লগে ধৰাও পৰে চোৰ। ইতিমধ্যে অভিযুক্ত কাৰাগাৰ পালেগৈ। চোৰে বৃহস্পতিবাৰে নিশা মন্দিৰৰ পৰাই চুৰ কৰি নিছিল অগ্নিনাভ বাবাৰ বিগ্ৰহ। এই ঘটনাত ভক্তৰ মাজত লাগে হাহাকাৰ। শুকুৰবাৰে পূৱাই শিমলুগুৰি ৰে’ল জংচনত উদ্ধাৰ বিগ্ৰহ। গ্ৰেপ্তাৰ হ’ল গোলাঘাট জিলাৰ দক্ষিণহেঙেৰাৰ চোৰ আৰিফ আলি। শনিবাৰে আনটো চোৰ নাজিৰাৰ কচুটেকেলিৰ নজিৰুল ইছলামকো গ্ৰেপ্তাৰ আৰক্ষীৰ। আৰক্ষীৰ জিম্মাৰ পৰা বাবা অগ্নিনাভক পুনৰ লৈ অনা হল মন্দিৰলৈ। আৰু দেওবাৰে মন্দিৰত জাগ–যজ্ঞৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল বাবা অগ্নিনাভৰ। পূৱাৰ পৰাই অগণন ভক্তই ভিৰ কৰে অগ্নিনাভ শিৱ মন্দিৰত।

পিছে ইয়াৰ মাজতে ভুৱা প্ৰচাৰ চলিল মন্দিৰৰ গৰাকী শিখা মজুমদাৰ গ্ৰেপ্তাৰ হোৱা বুলি। চুৰিৰ ঘটনা নাটক বুলি নিপেন চেতিয়া নামৰ ফেচবুক একাউণ্টৰপৰা এই চলিল অপপ্ৰচাৰ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিখা মজুমদাৰে।

পিছে বিতৰ্ক, অপপ্ৰচাৰ চলিলেও দেওবাৰে পূৰ্বৰ দৰে পূজা অৰ্চনা চলিল অগ্নিনাভ মন্দিৰত। ভক্তৰ দীঘলীয়া শাৰীয়ে পুনৰ তল পেলালে আনবোৰ কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...