এদিন ঘৰ সাজিব খোজা মাটিতে ওলাল বাবুলালৰ নিথৰ দেহ

বিহাৰৰ প্ৰেমিক, পৰস্ত্ৰী প্ৰেমীকাৰ নৃশংসতা! প্ৰেমিকৰে মিলি স্বামীক হত্যা। বেংগালুৰুত আত্মগোপন কৰি থকা আৱস্থাতে গ্ৰেপ্তাৰ পৰস্ত্ৰী প্ৰেমিক। স্বামীৰ মাহিয়েকৰ ল’ৰাৰ সৈতে দুৰন্ত প্ৰেমত মছগুল পৰস্ত্ৰী প্ৰেমিকাৰ নৃশংসতাই জোকাৰিছে বাক্সা। নতুনকৈ মাটি কিনি ঘৰ এখন কৰি পত্নীৰ সৈতে সুখেৰে থাকিম বুলি ভাবিছিল বাক্সাৰ শালবাৰীৰ কাটাঝাৰ গাঁৱৰ বাবুলাল হৰিজনে। পিছে এদিন ঘৰ সাজিব খোজা মাটিতে ওলাল বাবুলালৰ ৰক্তাক্ত মৃতদেহ। হৈ চৈ লাগিছিল, ‘‘কোনে হত্যা কৰিলে বাবুলালক?’’

ছমাহৰ পূৰ্বে সংঘটিত হোৱা এই হত্যাকাণ্ডক হৈ আৰক্ষীয়ে তদন্ত চলাই অৱশেষত বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰিলে হত্যাত অভিযুক্ত বিহাৰৰ ৰাণা কুমাৰ ৰামক। ৰাণাক গ্ৰেপ্তাৰৰ পিছতে ওলাল উৰহি গছৰ ওৰ। বেংগালুৰুত ধৰা পৰাৰ পিছতে ৰাণাই স্বীকাৰ কৰে বাবুলালক হত্যাৰ কথা। ৰাণাৰ স্বীকাৰোক্তিৰ ভিত্তিতে স্বামীক হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মঞ্জু হৰিজনক। পূৰ্বেই অভিযোগ উঠিছিল বাবুলালৰ হত্যাত জড়িত আছিল পত্নী মঞ্জু আৰু ৰাণা কুমাৰ।

বৰ্তমান বেংগালুৰুৰ পৰা ঘাতক ৰাণা কুমাৰ ৰামক অসমলৈ আনি আছে আৰক্ষীৰ এয়া দলে। কিন্তু সমগ্ৰ ঘটনা পোহৰলৈ অহাত হতভম্ভ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। বাবুলালৰ পৰিয়ালে প্ৰকাশ কৰা মতে মাহীয়েকৰ ল’ৰা বিহাৰৰ ৰাণাই শিমলাগুৰীত ভাড়াতীয়া হিচাপে আছিল। পিছত পৰস্ত্ৰীৰে গঢ়ি তোলে প্ৰেমৰ সম্পৰ্ক। এদিন বাটৰ কাঁইট গুচাবলৈ পৰস্ত্ৰী প্ৰেমিকাৰ সৈতে মিলি বাবুলাল হৰিজনক হত্যা কৰি বেংগালুৰুত গৈ আত্মগোপন কৰে। ৰাণাৰ গ্ৰেপ্তাৰে উন্মোচিত কৰিলে নৃশংস হত্যাৰ ৰহস্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ...

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...