এদিন ঘৰ সাজিব খোজা মাটিতে ওলাল বাবুলালৰ নিথৰ দেহ

বিহাৰৰ প্ৰেমিক, পৰস্ত্ৰী প্ৰেমীকাৰ নৃশংসতা! প্ৰেমিকৰে মিলি স্বামীক হত্যা। বেংগালুৰুত আত্মগোপন কৰি থকা আৱস্থাতে গ্ৰেপ্তাৰ পৰস্ত্ৰী প্ৰেমিক। স্বামীৰ মাহিয়েকৰ ল’ৰাৰ সৈতে দুৰন্ত প্ৰেমত মছগুল পৰস্ত্ৰী প্ৰেমিকাৰ নৃশংসতাই জোকাৰিছে বাক্সা। নতুনকৈ মাটি কিনি ঘৰ এখন কৰি পত্নীৰ সৈতে সুখেৰে থাকিম বুলি ভাবিছিল বাক্সাৰ শালবাৰীৰ কাটাঝাৰ গাঁৱৰ বাবুলাল হৰিজনে। পিছে এদিন ঘৰ সাজিব খোজা মাটিতে ওলাল বাবুলালৰ ৰক্তাক্ত মৃতদেহ। হৈ চৈ লাগিছিল, ‘‘কোনে হত্যা কৰিলে বাবুলালক?’’

ছমাহৰ পূৰ্বে সংঘটিত হোৱা এই হত্যাকাণ্ডক হৈ আৰক্ষীয়ে তদন্ত চলাই অৱশেষত বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰিলে হত্যাত অভিযুক্ত বিহাৰৰ ৰাণা কুমাৰ ৰামক। ৰাণাক গ্ৰেপ্তাৰৰ পিছতে ওলাল উৰহি গছৰ ওৰ। বেংগালুৰুত ধৰা পৰাৰ পিছতে ৰাণাই স্বীকাৰ কৰে বাবুলালক হত্যাৰ কথা। ৰাণাৰ স্বীকাৰোক্তিৰ ভিত্তিতে স্বামীক হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মঞ্জু হৰিজনক। পূৰ্বেই অভিযোগ উঠিছিল বাবুলালৰ হত্যাত জড়িত আছিল পত্নী মঞ্জু আৰু ৰাণা কুমাৰ।

বৰ্তমান বেংগালুৰুৰ পৰা ঘাতক ৰাণা কুমাৰ ৰামক অসমলৈ আনি আছে আৰক্ষীৰ এয়া দলে। কিন্তু সমগ্ৰ ঘটনা পোহৰলৈ অহাত হতভম্ভ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। বাবুলালৰ পৰিয়ালে প্ৰকাশ কৰা মতে মাহীয়েকৰ ল’ৰা বিহাৰৰ ৰাণাই শিমলাগুৰীত ভাড়াতীয়া হিচাপে আছিল। পিছত পৰস্ত্ৰীৰে গঢ়ি তোলে প্ৰেমৰ সম্পৰ্ক। এদিন বাটৰ কাঁইট গুচাবলৈ পৰস্ত্ৰী প্ৰেমিকাৰ সৈতে মিলি বাবুলাল হৰিজনক হত্যা কৰি বেংগালুৰুত গৈ আত্মগোপন কৰে। ৰাণাৰ গ্ৰেপ্তাৰে উন্মোচিত কৰিলে নৃশংস হত্যাৰ ৰহস্য।

Popular

More like this
Related

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব গ্ৰহণ NIAৰ

জম্মু আৰু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয়...

৫ হাজাৰ পাকিস্তানী নাগৰিকৰ তালিকা আৰক্ষীৰ হাতত তুলি দিছে IBয়ে

ইন্টেলিজেন্স ব্যুৰো (আই বি)য়ে দিল্লীত বসবাস কৰা প্ৰায় ৫,০০০...

পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন বাহন

কানাডাত ভয়াৱহ পথ দুৰ্ঘটনা। পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন...