পুনৰ স্ব-স্থানত প্ৰতিষ্ঠা ‘অগ্নিনাভ বাবা’ৰ বিগ্ৰহ

বিশ্বাস–অবিশ্বাসৰ দোমোজাতে বিতৰ্ক আৰু ব্যাপক চৰ্চাৰ মাজেৰে বিখ্যাত হৈ পৰা নাজিৰাৰ শিখা মজিন্দাৰ বৰুৱাৰ অগ্নিনাভ মন্দিৰত দেওবাৰে সৃষ্টি অভূতপূৰ্ব পৰিবেশৰ। চুৰি হোৱা মূল বিগ্ৰহ পুনৰ প্ৰতিষ্ঠাক লৈ সৃষ্টি হ’ল এই পৰিৱেশৰ। মন্দিৰৰ গৰাকীয়ে ডম্বৰু–তাল বজাই অগ্নিনাভ বাবাক পূজা আগবঢ়ালে। ডবা–কাঁহৰ ধ্বনিৰে ৰঝনজনাই গ’ল চৌপাশ।

মন্দিৰৰ গৰাকী শিখা মজিন্দাৰ বৰুৱাই প্ৰকাশ কৰিলে এয়া এক বেলেগ পৰিবেশ। বাবাই ভক্তৰ মৰম বিচাৰিয়ে বোলে এক পৰিস্থিতিৰ সৃষ্টি কৰিলে।

কিছুদিন পূৰ্বে ব্যপক চৰ্চাত থকা অগ্নিনাভ মন্দিৰ প্ৰসংগ আন কিছুমান ইছ্যুক লৈ তল পৰি আছিল। পিছে পুনৰ চৰ্চালৈ আহিল বিগ্ৰহ চুৰিৰ ঘটনাক লৈ। CCTVত বন্দী হৈছিল বিগ্ৰহ চুৰিৰ দৃশ্য। লগে লগে ধৰাও পৰে চোৰ। ইতিমধ্যে অভিযুক্ত কাৰাগাৰ পালেগৈ। চোৰে বৃহস্পতিবাৰে নিশা মন্দিৰৰ পৰাই চুৰ কৰি নিছিল অগ্নিনাভ বাবাৰ বিগ্ৰহ। এই ঘটনাত ভক্তৰ মাজত লাগে হাহাকাৰ। শুকুৰবাৰে পূৱাই শিমলুগুৰি ৰে’ল জংচনত উদ্ধাৰ বিগ্ৰহ। গ্ৰেপ্তাৰ হ’ল গোলাঘাট জিলাৰ দক্ষিণহেঙেৰাৰ চোৰ আৰিফ আলি। শনিবাৰে আনটো চোৰ নাজিৰাৰ কচুটেকেলিৰ নজিৰুল ইছলামকো গ্ৰেপ্তাৰ আৰক্ষীৰ। আৰক্ষীৰ জিম্মাৰ পৰা বাবা অগ্নিনাভক পুনৰ লৈ অনা হল মন্দিৰলৈ। আৰু দেওবাৰে মন্দিৰত জাগ–যজ্ঞৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল বাবা অগ্নিনাভৰ। পূৱাৰ পৰাই অগণন ভক্তই ভিৰ কৰে অগ্নিনাভ শিৱ মন্দিৰত।

পিছে ইয়াৰ মাজতে ভুৱা প্ৰচাৰ চলিল মন্দিৰৰ গৰাকী শিখা মজুমদাৰ গ্ৰেপ্তাৰ হোৱা বুলি। চুৰিৰ ঘটনা নাটক বুলি নিপেন চেতিয়া নামৰ ফেচবুক একাউণ্টৰপৰা এই চলিল অপপ্ৰচাৰ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিখা মজুমদাৰে।

পিছে বিতৰ্ক, অপপ্ৰচাৰ চলিলেও দেওবাৰে পূৰ্বৰ দৰে পূজা অৰ্চনা চলিল অগ্নিনাভ মন্দিৰত। ভক্তৰ দীঘলীয়া শাৰীয়ে পুনৰ তল পেলালে আনবোৰ কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...