ইন্দিৰা গান্ধীৰ ৰূপত লাৰা দত্ত

ইন্দিৰা গান্ধীৰ চৰিত্ৰত লাৰা দত্ত

‘বেল বটম’ৰ ট্ৰেইলাৰকলৈ সৰ্বত্ৰে চৰ্চা

অচিৰেই ৰূপালী পৰ্দাত ইন্দিৰা গান্ধীৰ ৰূপত দেখা পোৱা যাব লাৰা দত্তক। অৱশ্যে, আশ্চৰ্যজনকভাৱে, এই চৰিত্ৰটোৰ বাবে লাৰাক কাষ্ট কৰাৰ কথা ভবা নাছিল পৰিচালক ৰণজিৎ এম তিৱাৰীয়ে। অভিনেতা অক্ষয় কুমাৰেহে এই চৰিত্ৰৰ বাবে নিৰ্বাচন কৰিছে লাৰাক। চলচ্চিত্ৰ নিৰ্মাতা জনে প্ৰকাশ কৰা অনুসৰি অভিনেত্ৰীগৰাকীয়ে ছেটত উপস্থিত হোৱাৰ পূৰ্বে বহুখিনি হোমৱৰ্ক কৰিব লগা হৈছিল। লাৰাৰ সহায়ৰ বাবে নিৰ্মাতাজনে বিবিচিৰ বহুকেইটা ভিডিঅ’ৰ লগতে আৰু অন্যান্য ভিডিঅ’ ক্লিপো যোগান ধৰিছিল যাতে চৰিত্ৰটোৰ ভিতৰত সোমাবলৈ লাৰাৰ বিশেষ অসুবিধা নহয়।

ই-টাইমছৰ সৈতে শেহতীয়াকৈ হোৱা বাৰ্তালাপত, মেক-আপ শিল্পী বিক্ৰম গায়কৱাডে প্ৰকাশ কৰিছিল যে দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে লাৰাৰ ইন্দিৰা গান্ধী মেক-আপে প্ৰতিবাৰেই দুই-তিনিটা ট্ৰায়েল লৈছিল। তেওঁ বৰ্ণনা কৰিছিল, ইন্দিৰাজীৰ মুখৰ তিনিটা বিশেষ বৈশিষ্ট্য আছে। সেয়া হ’ল চেলাউৰি, নাক, মুখ আৰু চুলিৰ সুকীয়া ষ্টাইল।

‘বেল বটম’ৰ কাহিনীটো এখন বিমানৰ হাইজেক আৰু যাত্ৰীসকলক উদ্ধাৰ কৰাৰ এক গোপন অভিযানৰ ওপৰত আধাৰিত। ছবিখনত হুমা কুৰেছি আৰু বাণী কাপুৰেও বিশেষ চৰিত্ৰত অভিনয় কৰিছে।

Entertainment Desk, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...