কেঁচা চাহপাতৰ মূল্য হ্ৰাসে বিপদত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কক

যি সময়ত ৰাজ্যৰ চাহে বিশ্বৰ বজাৰত প্ৰাধান্য লাভ কৰি আছে সেই সময়ত চাহ খেতিয়ক সকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে। এফালে ক’ভিড পৰিস্থিতিৰ মাজত সৰ্বসাধাৰণৰ জীৱন জীৱিকা নিঃশেষ ৰূপ ধাৰণ কৰা দিশত, আনফালে হাজাৰ হাজাৰ নিবনুৱা জড়িত হৈ থকা চাহ উদ্যোগলৈও নামি আহিছে দুৰ্যোগ।

চৰকাৰৰ সদ ইচ্ছাৰ অভাৱ আৰু জধে-মধে চাহ ফেক্টৰী খোলাত অনুমোদন দিয়া বাবেই চাহ খেতিয়ক সকলৰ এই শোচনীয় অৱস্থা হৈছে বুলি মন্তব্য আগবঢ়ায় অসম চাহ মজদুৰ সংঘৰ সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে। ইফালে, ৰাজ্যৰ বৃহৎ চাহ কোম্পানী সমূহে এখনৰ পিছত আন এখনকৈ বিক্ৰী কৰিবলৈ ধৰিছে চাহ বাগিচা। ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কে ধৰি বৃহৎ চাহ কোম্পানী সমূহে সন্মুখীন হৈছে বৃহৎ লোকচানৰ।

দেশ তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰমাৎ চাহৰ চাহিদা হ্ৰাস পোৱাৰ ফলত নিম্নগামী হ’বলৈ ধৰিছে চাহৰ কেঁচা পাতৰ মূল্য। তাৰ লগে লগে ক’ভিডকেন্দ্ৰিক পৰিস্থিতি, প্ৰতিকূল বতৰৰ বাবে ৰাজ্যত হ্ৰাস পাইছে চাহৰ উৎপাদন। বিগত বৰ্ষত চাহৰ উৎপাদন কিছু পৰিমাণে হ্ৰাস পাইছিল যদিও হ্ৰাস পোৱা নাছিল চাহৰ বাণিজ্যিক চাহিদা।

প্ৰতিবছৰে ১০ হাজাৰ কোটি টকাকৈ চাহ উপাৰ্জন কৰা অসমৰ চাহ উদ্যোগটোৱে এই বছৰত উপাৰ্জন কৰিছে মাত্ৰ ৮০০ কোটি টকা। যাৰ বাবে এতিয়া বৃহৎ চাহ কোম্পানী সমূহে চাহৰ পৰিৱৰ্তে অন্য ক্ষেত্ৰত বিনিয়োগ কৰিছে। উপায়হীন হৈ অসমত চাহ বাগিচা বিক্ৰী কৰা বৃহৎ কোম্পানী সমূহৰ ভিতৰত হৈছে- মেকলয়ড ৰাছেল,অসম কোম্পানী, জেমছ ৱাৰেন, ৰাছেল গ্ৰুপ আদি। বৃহৎ চাহ উদ্যোগৰ বিপৰ্যয়ৰ পৰা সহজে অনুমেয় থলুৱা চাহ খেতিয়কৰ দুৰাৱস্থা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...

ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় জলপথেৰে বাণিজ্য

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বগীবিলৰ পৰা বাংলাদেশলৈ ৰপ্তানি হ’ব...